আজি মহানগৰীৰ কোনটো পথেৰে যাব আপুনি, ক’ত NO ENTRY, ক’ত NO PARKING?

বিজয়া দশমী উপলক্ষে বিভিন্ন পথত ঘোষণা কৰা হৈছে NO PARKING, বহু পথেৰে প্ৰৱেশ নিষিদ্ধ

News18-Assam
Updated:October 8, 2019, 9:44 AM IST
আজি মহানগৰীৰ কোনটো পথেৰে যাব আপুনি, ক’ত NO ENTRY, ক’ত NO PARKING?
Photo : sentinelassam.com
News18-Assam
Updated: October 8, 2019, 9:44 AM IST
বিজয়া দশমী উপলক্ষে মহানগৰীত বিশেষ পথ নিৰ্দেশনা জাৰি কৰিছে আৰক্ষীৰ যান–বাহন শাখাই। বি বৰুৱা ৰোডত সাধাৰণ বাহনৰ প্ৰৱেশ নিষিদ্ধ। চানমাৰিৰ পৰা জালুকবাৰীমুখী সাধাৰণ বাহন এম চি ৰোডৰ পৰিৱৰ্তে জিএনবি ৰোডেৰে যাব লাগিব। জিএনবি ৰোডৰ পৰা আৰ বি আই পইণ্ট হৈ এটি ৰোডেৰে জালুকাবাৰীলৈ যাব লাগিব বাহনসমূহ। ফটাশিল আমবাৰী আৰু ভৰলুমুখৰ পৰা অহা সাধাৰণ বাহন এ টি ৰোড আৰু বি জি ৰোডেৰে পাণ্ডুলৈ যাব লাগিব। জি এন বি আৰু কে এন বি পথেৰে অহা সাধাৰণ লোকৰ বাহনসমূহ জিলা পুথিভঁৰাল, সন্দিকৈ কলেজৰ সন্মুখেৰে যাব নোৱাৰিব।

জালুকবাৰী আৰু ভৰলুমুখৰ পৰা চানমাৰি, নুনমাটি আৰু দিছপুৰলৈ অহা সকলো সাধাৰণ লোকৰ বাহন এম জি ৰোডৰ এপল’ পইণ্টত দিশ সলাই টি আৰ পি ৰোডেৰে যাব লাগিব। টি আৰ পি পথৰ পৰা এইচ বি পথ অথবা এ টি ৰোডেৰে বাহনসমূহ গন্তব্য স্থানলৈ যাব লাগিব। উজানবজাৰ, খাৰঘুলি আৰু নুনমাটিৰ পৰা অহা সকলো বাহন তৈবুল্লা পথ হৈ এম জি ৰোডেৰে যাব লাগিব।

প্ৰতিমা কঢ়িওৱা বাহনৰ বাবে পথ নিৰ্দেশনা

চানমাৰিৰ পৰা অহা বাহন টি চি পইণ্ট হৈ এম চি ৰোড আৰু এম জি ৰোডেৰে যাব লাগিব। টকৌবাৰী, পল্টনবজাৰ, উলুবাৰী, ৰিহাবাৰী, বিৰুবাৰী, ছাত্ৰীবাৰী, বিষ্ণুপুৰ আৰু লালগণেশৰ দিশৰ বাহন বি কে কাকতি পথ, জি এছ ৰোড, পল্টনবজাৰ, পাণবজাৰ উৰণীয়া সেতু, এম এল এন পথ আৰু এম জি ৰোডেৰে যাব পাৰিব। এ কে আজাদ পথেৰে নেপালী মন্দিৰ হৈ পাণবজাৰ উৰণীয়া সেতুৰে এম এন নেহৰু পথ অথবা এম জি ৰোডেৰে যাব পাৰিব বাহনসমূহ। কুমাৰপাৰা, আঠগাঁও আৰু ফটাশিলৰ দিশৰ বাহন এ টি ৰোড, টি আৰ পি ৰোড, কেডাৰ ৰোড আৰু এম জি ৰোড হৈ যাব লাগিব।

ৰাজগড়, ভঙাগড়, খ্ৰীষ্টানবস্তিৰ দিশৰ বাহন জি এছ ৰোড, ভঙাগড়, ৰাজগড় পথ, আৰ জি বৰুৱা পথ, এম আৰ দেৱান পথ, গুৱাহাটী ক্লাব, এম চি ৰোড, এফ চি ৰোড অথবা এম জি ৰোডেৰে যাব লাগিব। গণেশগুৰি, দিশপুৰ, কাহিলীপাৰাৰ দিশৰ বাহন গণেশগুৰি হৈ আৰ জি বৰুৱা ৰোড, এম আৰ দেৱান পথ, গুৱাহাটী ক্লাব, এম চি ৰোড, এফ চি ৰোড আৰু এম জি ৰোডেৰে যাব লাগিব।

বহু স্থানত যান-বাহনৰ পাৰ্কিং নিষিদ্ধ
এম এছ ৰোড, টি আৰ পি ৰোড, এইচ বি ৰোডত No Parking

এম এল এন ৰোড, এম জি ৰোড, বি বৰুৱা ৰোডত No Parking
এম চি ৰোড, এফ চি ৰোড, এম আৰ ডি ৰোডত No Parking
জি এম বি ৰোড, জি এছ ৰোড, আৰ জি বৰুৱা ৰোডত No Parking

পাৰ্কিঙৰ স্থান
এ আৰ পি ৰোড, ড০ জে চি দাস ৰোড, এছ এছ ৰোড, এছ আৰ চি ডি ৰোডত ৰখাব পাৰিব বাহন ভৰলুমুখ আৰু শান্তিপুৰৰ দৰ্শনাৰ্থীৰ বাবে মুকলি থাকিব এম জি ৰোডৰ এপ'ল পইণ্টৰ পৰা এফএ ৰোডৰ মাজৰ অঞ্চল।
NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি