মুখ্যপৃষ্ঠা » খবৰ

» অসম

»মাজুলীবাসীলৈ চৰকাৰৰ দেৱালীৰ উপহাৰ, যোৰহাট পালেহি ৰজা শচীন দেৱ বৰ্মণ আৰু ৰাণী গাইডিলো

মাজুলীবাসীলৈ চৰকাৰৰ দেৱালীৰ উপহাৰ, যোৰহাট পালেহি ৰজা শচীন দেৱ বৰ্মণ আৰু ৰাণী গাইডিলো

News18 Assam | News18-Assam
Updated:October 29, 2020, 7:14 PM IST
মাজুলীবাসীলৈ চৰকাৰৰ দেৱালীৰ উপহাৰ, যোৰহাট পালেহি ৰজা শচীন দেৱ বৰ্মণ আৰু ৰাণী গাইডিলো
ভাৰতীয় জলমাৰ্গ প্ৰাধিকৰণে অসমলৈ প্ৰেৰণ কৰিছে এনে চাৰিখন RO PAX Vessel।

ভাৰতীয় জলমাৰ্গ প্ৰাধিকৰণে অসমলৈ প্ৰেৰণ কৰিছে এনে চাৰিখন RO PAX Vessel।

  • Share this:
অচিৰেই মাজুলীবাসীৰ এটা দীৰ্ঘদিনীয়া সমস্যা সমাধান হোৱাৰ পথত। এইবাৰ দেৱালীত চৰকাৰৰ তৰফৰ পৰা এটি বিশেষ উপহাৰ লাভ কৰিব মাজুলীবাসীয়ে। এই উপহাৰে মাজুলীবাসীৰ মুখত হাঁহি বিৰিঙোৱাটো নিশ্চিত। কাৰণ যাতায়াতৰ ক্ষেত্ৰত এক দীৰ্ঘদিনীয়া সমস্যা এইবাৰ সমাধান হ’ব। জলপথেৰে মাজুলীলৈ যোগাযোগৰ ক্ষেত্ৰত নতুন মাত্ৰা প্ৰদান কৰিব এই উপহাৰে।

ইতিমধ্যে কলকাতাৰ পৰা বাংলাদেশ হৈ আহি যোৰহাটৰ নিমাতীঘাটত উপস্থিত হৈছেহি এই উপহাৰ। এই উপহাৰ হৈছে এম ভি শচীন দেৱবৰ্মন আৰু এম ভি ৰাণী গাইডিলো নামৰ দুখন RO PAX Vessel। অত্যাধুনিক এই জাহাজদুখন মাজুলীলৈ আহিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এটি সপোনৰ প্ৰকল্পৰ অংশ স্বৰূপে। দেশৰ বিভিন্ন প্ৰান্তত জলপথসমূহত যাতায়াত ব্যৱস্থা অধিক সূচল কৰি তোলাৰ উদ্দেশ্যৰে গ্ৰহণ কৰা এক প্ৰকল্পৰ জৰিয়তে প্ৰদান কৰা হৈছে এই অত্যাধুনিক জাহাজসমূহ।

ভাৰতীয় জলমাৰ্গ প্ৰাধিকৰণে অসমলৈ প্ৰেৰণ কৰিছে এনে চাৰিখন RO PAX Vessel। ইয়াৰে দুখন জাহাজ বিশেষভাৱে প্ৰদান কৰা হৈছে মাজুলী-যোৰহাটৰ মাজত চলাচলৰ বাবে। এই জাহাজসমূহ নিৰ্মাণ কৰিছে কোচীৰ কোচিন শ্বীপয়াৰ্দ লিমিটেডে। এক বিশেষ অনুষ্ঠানত প্ৰধানমন্ত্ৰীগৰাকীয়ে এই জাহাজসমূহ ৰাইজৰ সেৱাৰ বাবে মুকলি কৰিব।

অৱশ্যে ইয়াৰ পূৰ্বেও মাজুলী-যোৰহাটৰ মাজত ব্ৰহ্মপুত্ৰত চলাচলৰ বাবে প্ৰদান কৰা হৈছিল ৰ' ৰ' জাহাজ। কিন্তু কিছু বিসংগতিৰ বাবে সেই জাহাজকেইখন বেছিদিন চলাব পৰা নগ’ল। কাৰণ ব্ৰহ্মপুত্ৰৰ জলপথসমূহ আন নদীৰ সৈতে একে নহয়। ব্ৰহ্মপুত্ৰই কঢ়িয়াই অনা গেদসমূহ স্তুপীকৃত হৈ নদীৰ মাজভাগ হঠাৎ তৰাং হৈ পৰে। এনে তৰাং পানীত পূৰ্বৰ ৰ'ৰ' জাহাজসমূহ চলাব পৰা নগৈছিল । ফলত চলাচল বন্ধ হৈ গৈছিল জাহাজখনৰ। কিন্তু বৰ্তমানৰ জাহাজদুখন তৰাং পানীটো চলাচল কৰিব পৰাকৈ নিৰ্মাণ কৰা হৈছে। পানীৰ গভীৰতা ২ মিটাৰ হ’লেই এই RO PAX VESSEL দুখন চলাচল কৰিবলৈ সক্ষম বুলি জানিবলৈ দিছে কৰ্তৃপক্ষই।

"আগৰ ৰ'ৰ' খনতকৈ এই জাহাজখন পৃথক। দুই মিটাৰ গভীৰ পানীতো এই RO PAX ভেছেলখন চলাব পৰা যাব। পূৰ্বৰ জাহাজখনৰ বিফলতাৰ প্ৰতি দৃষ্টি ৰাখি এই জাহাজখন নিৰ্মাণ কৰা হৈছে।", ৰ' পেক্স ভেছেলখনৰ মুখ্য নাবিক অৰ্ধেন্দু মণ্ডলে এনেদৰে কয়।

এই জাহাজদুখনৰ চলাচল আৰম্ভ হ’লে মাজুলীবাসীৰ লগতে মাজুলীলৈ যোৱা অন্যান্য ঠাইৰ যাত্ৰীসকল বিশেষভাৱে উপকৃত হ’ব। বৰ্তমান অসম চৰকাৰৰ আভ্যন্তৰীণ জল পৰিবহন বিভাগে চলাই অহা ফেৰীসমূহ পূৰণি পদ্ধতিৰেই চলি আহিছে। অতি বিপজ্জনকভাৱে যান-বাহনসহ যাত্ৰীসকলক লৈ এই ফেৰীসমূহৰ চলাচল অব্যাহত আছে। কিন্তু ইয়াৰ বিপৰীতে যাত্ৰীসকলৰ বাবে এই RO PAX জাহাজদুখনত আছে বহু সুবিধা। মুঠ সাতগৰাকী কৰ্মচাৰী থাকিব লগা জাহাজখনত কৰ্মচাৰীসকলৰ বাবে আছে থকা-খোৱাৰ সুন্দৰ ব্যৱস্থা। জাহজখনত দুশ যাত্ৰী যোৱাৰ সুবিধা থকাৰ লগতে এবাৰত ১০খন চাৰিচকীয়া সৰু গাড়ী আৰু প্ৰায় ৫০ খন দুচকীয়া বাহন কঢ়িয়াই নিব পৰা যাব। জাহাজখনত যাত্ৰীসকলৰ বাবে আসনৰ সুব্যৱস্থা থকাৰ লগতে পুৰুষ আৰু মহিলাৰ বাবে আছে পৃথক প্ৰস্ৰাৱগাৰৰ ব্যৱস্থা।

এই নতুন জাহাজখনৰ গতিবেগ হৈছে ঘণ্টাত 6-8 কিলোমিটাৰ। অৱশ্যে সেয়া নিৰ্ভৰ কৰিব নদীৰ সোতৰ ওপৰত। ডিজেল চালিত ইঞ্জিনেৰে চলা এই জাহাজখন এঘণ্টা যাবৰ বাবে প্ৰায় ৫০ লিটাৰ ডিজেলৰ প্ৰয়োজন হ’ব বুলি জানিবলৈ দিছে জাহাজখনৰ কৰ্তৃপক্ষই। নিমাতী ঘাটৰ পৰা মাজুলীৰ কমলাবাৰী ঘাটলৈ ব্ৰহ্মপুত্ৰৰে নদীপথৰ দৈৰ্ঘ্য প্ৰায় ১২ কিলোমিটাৰ।

এই নতুন জাহাজদুখন লাভ কৰি অতিকৈ আনন্দিত হৈ পৰিছে মাজুলীৰ বাসিন্দাসকলৰ লগতে সতকাই মাজুলীলৈ অহা-যোৱা কৰি থকা লোকসকল। বৰ্তমানৰ ফেৰীসেৱা ব্যৱস্থাৰ বাবে বহু সময়ত যাত্ৰীসকলে দুৰ্ভোগ ভূগিবলগা হয়। কিন্তু এই নতুন জাহাজ দুখনৰ দ্বাৰা তেওঁলোকৰ এই কষ্টৰ অৱসান ঘটিব বুলি আশা কৰিছে। অৱশ্যে একাংশৰ মনত এতিয়াও প্ৰশ্ন যে এই দুখন জাহাজৰ অৱস্থা পূৰ্বৰ ৰ'ৰ' কেইখনৰ দৰেই হবগৈ নেকি!

অচিৰেই দেৱালীৰ পূৰ্বে যোৰহাট-মাজুলীৰ মাজত চলাচল আৰম্ভ হ’ব এই জাহাজ দুখনৰ। কিন্তু এই জাহাজদুখনৰ ভৱিষ্যৎ নিৰ্ভৰ কৰিব সঠিক পৰিচালনাৰ ওপৰত। পৰিবহন ব্যয়ৰ বিপৰীতে যাত্ৰীৰ পৰা সংগ্ৰহ হোৱা ধনৰ অনুপাত যদিহে সঠিক থাকে তথা ইয়াৰ পৰিচালনা যদিহে নিখুত হয়, তেন্তে এই জাহাজ দুখনে মাজুলীলৈ যাতায়াতৰ দিশটোত অভূতপূৰ্ব অৰিহণা আগবঢ়োৱাটো নিশ্চিত‌।
Published by: Sanjay Kumar Das
First published: October 29, 2020, 7:07 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি