মুখ্যপৃষ্ঠা »খবৰ »অসম »ৰাজ্যৰ গড়কাপ্তানী বিভাগলৈ অনা হৈছে বৈপ্লৱিক পৰিৱৰ্তন!

ৰাজ্যৰ গড়কাপ্তানী বিভাগলৈ অনা হৈছে বৈপ্লৱিক পৰিৱৰ্তন!

Source-Google

Source-Google

এটা বছৰতে নিৰ্মাণৰ পৰিকল্পনা ১৫ ৰ পৰা ১০০ মিটাৰ দৈঘ্যৰ বিশ্বমানৰ দলং!

  • Share this:
    ৰাজ্যৰ গড়কাপ্তানী বিভাগত আৰম্ভ কৰা হৈছে বৈপ্লৱিক পৰিৱৰ্তনৰ বাবে কাম কাজ। ইতিমধ্যে বিভাগটোৱে হাতত লৈছে নতুন নতুন পৰিকল্পনা। চাহ বাগিচা সমূহত পেভাৰ ব্লকেৰে পথ নিৰ্মাণ কৰাৰ পৰা আৰম্ভ কৰি অত্যাধুনীক প্ৰযুক্তিৰে নতুন নতুন দলং, ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকাৰীৰ দৰে সমসানসম্পন্ন পথ নিৰ্মাণলৈকে কাম কৰি ৰাজ্যৰ গড়কাপ্তানী বিভাগে দেখুৱাইছে অনন্য নিদৰ্শন। এনেদৰে দেওবাৰে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সংযোগী দুইলেনযুক্ত পকী দলংৰ শুভ উদ্বোধন কৰি নিজৰ বিভাগ সম্পৰ্কত মন্তব্য কৰে ৰাজ্যৰ গড়কাপ্তানী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। উক্ত সভাতে মন্ত্ৰী শৰ্মাই কয় যে ৰাজ্যৰ গড়কাপ্তানী বিভাগে এতিয়া এটা বছৰৰ ভিতৰতে ১৫ ৰ পৰা ১০০ মিটাৰ দৈঘ্যৰ দলং নিৰ্মাণ কৰিবলৈ সক্ষম। সভাত হিমন্ত বিশ্ব শৰ্মাই অতি কম দিনৰ ভিতৰতে ২৬ হাজাৰ কোটি টকা ব্যয়েৰে গুৱাহাটী–উত্তৰ গুৱাহাটী সংযোগী দলং নিৰ্মাণৰ কাম চৰকাৰে আৰম্ভ কৰিব বুলিও মত পোষণ কৰে।

    শেহতীয়া বাতৰি