মুখ্যপৃষ্ঠা » খবৰ

» অসম

»গুৱাহাটীত শাক-পাচলি, গেলা মালৰ বিক্ৰীৰ নতুন নিৰ্দেশনা, কেনেকৈ পাব, ক’ত পাব?

গুৱাহাটীত শাক-পাচলি, গেলা মালৰ বিক্ৰীৰ নতুন নিৰ্দেশনা, কেনেকৈ পাব, ক’ত পাব?

News18 Assam | News18-Assam
Updated:July 10, 2020, 10:24 AM IST
গুৱাহাটীত শাক-পাচলি, গেলা মালৰ বিক্ৰীৰ নতুন নিৰ্দেশনা, কেনেকৈ পাব, ক’ত পাব?
পথৰ কাষত ফলমূল, শাক-পাচলি, মাছ আদি বিক্ৰীৰ অনুমতি দিয়া নহ’ব।

পথৰ কাষত ফলমূল, শাক-পাচলি, মাছ আদি বিক্ৰীৰ অনুমতি দিয়া নহ’ব।

  • Share this:
গুৱাহাটীত চলিত লকডাউনত গেলামাল, শাক-পাচলি, ফলমূল আদিৰ কিনা-বেচাৰ ক্ষেত্ৰত বৃহস্পতিবাৰে নতুন নিৰ্দেশ জাৰি কৰিছে ৰাজ্য চৰকাৰে।নিৰ্দেশনা অনুসৰি শুকুৰবাৰৰ অৰ্থাৎ ১০ জুলাইত চাউল, আটা, দাইল, পিয়াঁজ, আলু, নিমখ আদি অত্যাৱশ্যকীয় সামগ্ৰীৰ পাইকাৰী বিক্ৰেতাসকলে সামগ্ৰী মজুত কৰিব পাৰিব।

এনেধৰণৰ কাম কৰাৰ বাবে দিনৰ দহ বজাৰ পৰা সন্ধিয়া ছয় বজালৈ অনুমতি প্ৰদান কৰা হৈছে। ১২ জুলাইত পাইকাৰী বিক্ৰেতাসকলক অত্যাৱশ্যকীয় সামগ্ৰীসমূহ খুচুৰা ব্যৱসায়ীক বিক্ৰীৰ অনুমতি প্ৰদান কৰা হৈছে। দিনৰ দহ বজাৰ পৰা সন্ধিয়া ছয় বজালৈ এই কামৰ কৰিব পাৰিব।

শনিবাৰে আৱাসিক এলেকাসমূহত সামাজিক দূৰত্ব বজাই ৰাখি ফলমূল আৰু শাক পাচলি বিক্ৰী কৰিবলৈ অনুমতি প্ৰদান কৰা হৈছে। ১১ জুলাইত গেলামাল আৰু ব্যক্তিগত পৰিচ্ছন্নতাৰ সামগ্ৰ্ৰী বিক্ৰী কৰা দোকানসমূহক পুৱা ৯ বজাৰ পৰা বিয়লি ৫ বজালৈকে খোলাৰ অনুমতি প্ৰদান কৰা হৈছে। এই সময়চোৱাত পথৰ কাষত ফলমূল, শাক-পাচলি, মাছ আদি বিক্ৰীৰ অনুমতি দিয়া নহ’ব।

উল্লেখযোগ্য যে ইয়াৰ পূবে ৬ আৰু ৮ জুলাইত দুদিনৰ বাবে মহানগৰীৰ ১৩৩ টা স্থানত শাক-পাচলিৰ বিক্ৰীৰ অনুমতি প্ৰদান কৰিছিল কৃষি আৰু বিপনন পৰিষদে।
First published: July 10, 2020, 10:24 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি