AJYCPৰ লগতে কৃষক মুক্তিও থাকিব আছুৰ নতুন ৰাজনৈতিক দলত! কি আছে পৰামৰ্শদাতা কমিটীৰ প্ৰতিবেদনত?

Source-Google
ৰাজ্যৰ ১৬ গৰাকী বিশিষ্ট ব্যক্তিক লৈ সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে যোৱা ১৯ আগষ্টত গঠন কৰি দিছিল এখন পৰামৰ্শদাতা কমিটী।
- News18 Assam
- Last Updated: September 7, 2020, 3:55 PM IST
কি আছে প্ৰতিবেদনত?
- অসম গণ পৰিষদ ৰাষ্ট্ৰীয় দলৰ হাতত বিক্ৰী হোৱাৰ অভিযোগেৰে আঞ্চলিক শক্তি গঠনৰ পৰামৰ্শ দিছে পৰামৰ্শদাতা কমিটীয়ে ৷ অসমীয়াৰ বাবে গঠন হ'বলগীয়া আঞ্চলিক শক্তিটোৰ মূলমন্ত্ৰ ‘ASSAM FIRST, ALWAYS AND EVER’।
- অগপই অতি নিৰ্লজ্জভাবে বিজেপিৰ ওচৰত নিজৰ পৰিচয় আৰু আদৰ্শ আত্মসমৰ্পন কৰা বুলি স্পষ্টকৈ উল্লেখ কৰি এটা আঞ্চলিক শক্তি গঠনৰ পৰামৰ্শ আগবঢ়াইছে ৷ য'ত অসম পৰামৰ্শদাতা কমিটীয়ে কৈছে ‘খিলঞ্জীয়া জনগোষ্ঠী , চাহ জনগোষ্ঠী, জনজাতীয়-অ-জনজাতীয় আৰু সংখ্যালঘূ সম্প্ৰদায়ক জড়িত কৰিব লাগিব আঞ্চলিক শক্তিৰ সৈতে।’
চলিত মাহৰ মাজভাগতে এখন সংবাদমেল সম্বোধন কৰি আছু আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৰাজহুৱা কৰিব দলটোৰ বিষয়ে ৷ আছু, AJYCPৰ লগ লাগিব কৃষক মুক্তি সংগ্ৰাম সিমিতিও ৷