মুখ্যপৃষ্ঠা »খবৰ »অসম »শিক্ষা বিভাগৰ আন এক টোগলকী কাণ্ড : শিক্ষক বদলিকৰণ প্ৰক্ৰিয়া চলি থকাৰ মাজতে একেখিনি খালী পদৰ বিপৰীতে আৰম্ভ কৰিলে নতুন নিযুক্তি প্ৰক্ৰিয়া

শিক্ষা বিভাগৰ আন এক টোগলকী কাণ্ড : শিক্ষক বদলিকৰণ প্ৰক্ৰিয়া চলি থকাৰ মাজতে একেখিনি খালী পদৰ বিপৰীতে আৰম্ভ কৰিলে নতুন নিযুক্তি প্ৰক্ৰিয়া

শিক্ষা বিভাগৰ আন এক টোগলকী কাণ্ড : শিক্ষক বদলিকৰণ প্ৰক্ৰিয়া চলি থকাৰ মাজতে একেখিনি খালী পদৰ বিপৰীতে আৰম্ভ কৰিলে নতুন নিযুক্তি প্ৰক্ৰিয়া

শিক্ষা বিভাগৰ আন এক টোগলকী কাণ্ড : শিক্ষক বদলিকৰণ প্ৰক্ৰিয়া চলি থকাৰ মাজতে একেখিনি খালী পদৰ বিপৰীতে আৰম্ভ কৰিলে নতুন নিযুক্তি প্ৰক্ৰিয়া

ৰাজ্যৰ হাজাৰ হাজাৰ শিক্ষকক বিভ্ৰান্তিৰ মাজলৈ ঠেলি দিছে ৰাজ্যৰ শিক্ষা বিভাগৰ একাংশ বিষয়াই । সমান্তৰালকৈ শিক্ষা বিভাগত নতুন নিযুক্তিৰ নামতো আভুৱা ভাৰিছে ৰাজ্যৰ শিক্ষা বিভাগে । শিক্ষা বিভাগৰ একাংশ আমোলাৰ অদূৰদৰ্শিতাৰ বাবেই অনিশ্চিত হৈ পৰিছে মাৰ্চ মাহত সম্পূৰ্ণ হ'ব লগা ৰাজ্যৰ হাজাৰ হাজাৰ শিক্ষকৰ বদলিকৰণ প্ৰক্ৰিয়া ।

  • Share this:
শিক্ষা বিভাগৰ একাংশ শীৰ্ষ বিষয়াৰ অদূৰদৰ্শীতাৰ বাবেই ৰাজ্যৰ বৃহৎ সংখ্যক শিক্ষকৰ মাজত সৃষ্টি হৈছে এক বিভ্ৰান্তিকৰ পৰিস্থিতিৰ । পৰ্টেলৰ জৰিয়তে শিক্ষকৰ বদলিকৰণ প্ৰক্ৰিয়া চলি থকাৰ সময়তে একেখিনি খালী পদৰ বিপৰীতে শিক্ষা বিভাগে নতুন নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰাত বৰ্তমান সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ । শিক্ষকৰ বদলিকৰণ প্ৰক্ৰিয়া অনিশ্চয়তাৰ মাজলৈ গতি কৰাৰ সমান্তৰালকৈ নতুন নিযুক্তি প্ৰক্ৰিয়াটোত আৱেদনকাৰী প্ৰাৰ্থীৰ প্ৰকৃত সংখ্যাই শিক্ষা বিভাগৰ আন এটা দূৰ্বল দিশ পোহৰলৈ আনিছে ।

ৰাজ্যৰ হাজাৰ হাজাৰ শিক্ষকক বিভ্ৰান্তিৰ মাজলৈ ঠেলি দিছে ৰাজ্যৰ শিক্ষা বিভাগৰ একাংশ বিষয়াই । সমান্তৰালকৈ শিক্ষা বিভাগত নতুন নিযুক্তিৰ নামতো আভুৱা ভাৰিছে ৰাজ্যৰ শিক্ষা বিভাগে । শিক্ষা বিভাগৰ একাংশ আমোলাৰ অদূৰদৰ্শিতাৰ বাবেই অনিশ্চিত হৈ পৰিছে মাৰ্চ মাহত সম্পূৰ্ণ হ'ব লগা ৰাজ্যৰ হাজাৰ হাজাৰ শিক্ষকৰ বদলিকৰণ প্ৰক্ৰিয়া । কাৰণ নিযুক্তিৰ বাবে আৱেদন বিচৰা একেখিনি খালী পদৰ বাবে যোৱা বছৰ আগষ্ট মাহতে বদলিকৰণ প্ৰক্ৰিয়া আৰম্ভ কৰিছিল শিক্ষা বিভাগে ।

কিন্তু বদলিকৰণ প্ৰক্ৰিয়া শেষ পৰ্যায়ত উপনীত হোৱাৰ সময়তে  একেবোৰ খালী পদৰ বিপৰীতে শেহতীয়াকৈ নিযুক্তিৰ বিজ্ঞাপনো দিলে শিক্ষা বিভাগে । শিক্ষা বিভাগৰ এক অধিসূচনা অনুসৰি (Phase-1) একক বদলিকৰণ প্ৰক্ৰিয়া অহা ৩১ মাৰ্চৰ ভিতৰত সম্পূৰ্ণ কৰাৰ কথা আছিল । কিন্তু এতিয়া শিক্ষা বিভাগে বদলিকৰণ বাদ দি নতুন নিযুক্তি সম্পূৰ্ণ কৰিবলৈ তৎপৰ হৈ পৰিছে । কিন্তু পূৰ্বৰে পৰা চলি থকা বদলিকৰণ প্ৰক্ৰিয়া সম্পৰ্কে শিক্ষা বিভাগৰ তৰফৰ পৰা কোনো ধৰণৰ স্পষ্টীকৰণ দিয়া নাই ১৮ মাৰ্চ পৰ্যন্ত । এই সন্দৰ্ভত শিক্ষা বিভাগৰ কেইবাগৰাকী শীৰ্ষ বিষয়াৰ সৈতে যোগাযোগ কৰা হৈছিল যদিও কোনেও এই সন্দৰ্ভত উত্তৰ নিদিলে । ফলত স্বচ্ছ আৰু নিকাভাৱে পৰিচালিত হোৱা বদলিকৰণ প্ৰক্ৰিয়াটো বৰ্তমান স্তব্দ হৈ পৰাত হাজাৰ হাজাৰ শিক্ষকৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে ।



আনহাতে শিক্ষা বিভাগে বিভাগটোত ৮ হাজাৰ নতুন নিযুক্তি দিব বুলি মুখ্যমন্ত্ৰী আৰু ৰাইজৰ আগত আভুৱা ভৰাৰ তথ্যও পোহৰলৈ আহিছে । কাৰণ Graduate Teacher আৰু Post Graduate Teacher ৰ ৯ হাজাৰ পদৰ বিপৰীতে আবেদনকাৰীৰ সংখ্যা প্ৰায় ৩ হাজাৰ ৩ শ জনহে মাত্ৰ । শিক্ষা বিভাগে TET  নপতাকৈ নতুন নিযুক্তি দিবলৈ ওলোৱাৰ বাবেই সৃষ্টি হৈছে এনে অৱস্থাৰ । আনহাতে নতুন নিযুক্তিৰ আৱেদনকাৰীসকলৰ মাজত আছে বৰ্তমান শিক্ষকতা কৰি থকা বহু শিক্ষক । সেয়েহে মুখ্যমন্ত্ৰীগৰাকীক এই ক্ষেত্ৰত বিষয়টোৰ ওপৰত দৃষ্টি দি বদলিকৰণ প্ৰক্ৰিয়াৰ পিছত খালী হোৱা পদসমূহত নিযুক্তিৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ জনাইছে ৰাজ্যৰ হাজাৰ হাজাৰ শিক্ষকে ।

শেহতীয়া বাতৰি