নিউ ময়নাগুৰি-যোগীঘোপা ৰে’ল পথ নিৰ্মাণৰ দাবীত সুদীৰ্ঘ ২৭ বছৰ পূৰ্বে আৰম্ভ হৈছিল এই আন্দোলনৰ।
নিউ ময়নাগুৰি-যোগীঘোপা ৰে’ল পথ নিৰ্মাণৰ দাবীত সুদীৰ্ঘ ২৭ বছৰ পূৰ্বে আৰম্ভ হৈছিল এই আন্দোলনৰ।
নামনিৰ ৰে’ল মানচিত্রত সংযোগ ঘটিল এটা বৃহত্তৰ অঞ্চল। ইয়াৰ লগে লগে উত্তৰ পূৰ্বাঞ্চলৰ ৰে’ল সংযোগৰ বাবে আহি গ'ল বিকল্প ৰে’লপথ। কাৰণ ইমান দিনে উত্তৰ পূৰ্বাঞ্চললৈ কোচবিহাৰ আলিপুৰ হৈ শ্ৰীৰামপুৰ গোসাইগাঁও হৈ আছিল মাত্ৰ এটাই ৰে’লপথ। কিন্তু আজিৰে পৰা কোচবিহাৰৰ পৰা গৌৰীপুৰ অভয়াপুৰী হৈ গুৱাহাটীলৈ মুকলি হ'ল নতুন এটা ৰে’ল পথ। ১৯৯৫ চনতে আৰম্ভ হোৱা এই ৰে’লপথৰ আন্দোলনৰ যেন সমাপ্তি ঘটিল আজি।
নিউ ময়নাগুৰি-যোগীঘোপা ৰে’ল পথ নিৰ্মাণৰ দাবীত সুদীৰ্ঘ ২৭ বছৰ পূৰ্বে আৰম্ভ হৈছিল এই আন্দোলনৰ। ইয়াৰ মাজতে প্ৰায় দহ বছৰ পূৰ্বে নিউ কোচবিহাৰৰ পৰা গৌৰীপুৰলৈ এই ৰে’লপথৰ সংযোগ হৈছিল যদিও গৌৰীপুৰৰ পৰা বিলাসীপাৰা হৈ অভয়াপুৰীলৈ ৰে’লপথ নিৰ্মাণৰ কাম স্থবিৰ হৈ পৰিছিল। পৰৱৰ্তী সময়ত ৰে’লপথ দাবী সমিতিয়ে এই ৰে’লপথ নিৰ্মাণৰ কাম দ্ৰুতগতিত কৰাৰ বাবে ঊৰ্ধ্বতম কৰ্তৃপক্ষক অৱগত কৰাৰ লগতে বিভিন্ন ধৰণৰ আন্দোলন কৰিবলগীয়া হৈছিল। সুদীৰ্ঘ ২৭ বছৰ অপেক্ষাৰ অন্তত আজি সেই ঐতিহাসিক দিনৰ সাক্ষী হ'ল অঞ্চলবাসী। আজি প্ৰথমবাৰৰ বাবে নিউ কোচবিহাৰৰ পৰা অভয়াপুৰীলৈ চলিল মালবাহী ৰে’ল। উক্ত ৰে’লক আদৰিবলৈ গৌৰীপুৰ ৰে’ল ষ্টেচনত দেখা গল অজস্র জনতাৰ ভিৰ। গৌৰীপুৰ ষ্টেচনত ৰে’ল আহি পোৱাৰ লগে লগে ৰে’লৱে দাবী সমিতিয়ে উষ্ম আদৰণি জনালে ৰেল চালক, গাৰ্ডকে ধৰি সমূহ কৰ্মচাৰীক।
উক্ত ৰেলপথ দাবী সমিতিৰ সভাপতি দেৱময় সান্যালে ৰে’ল কৰ্তৃপক্ষ আৰু চৰকাৰক ধন্যবাদ জনাই কয় যে বিগত প্ৰায় চাৰি পাঁচ বছৰে নিৰ্মাণৰ কামৰ গতিৰ বাবেই আজি এয়া সম্ভব হৈ উঠিছে। আনহতে ৰে’লৱে দাবী সমিতিৰ সম্পাদক হাচান আলী শ্বেখে কয় যে মালগাড়ী চলাই ৰে’ল পথৰ পৰীক্ষা নিৰীক্ষা সমাপ্ত হ’লেই অচিৰেই শিলচৰ আৰু গুৱাহাটীৰ পৰা গৌৰীপুৰ হৈ দিল্লী কলিকাতা, চেন্নাই লৈ দ্ৰুতগামী ট্ৰেইন চলাব লাগে ৰে’ল কৰ্তৃপক্ষই।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|