নতুন বছৰত গৌৰীপুৰ-বিলাসীপাৰা-চাপৰবাসীয়ে পাব পাৰে নতুন আশাৰ বতৰা। কাৰণ বহু প্ৰতীক্ষাৰ অন্তত মঙলবাৰে নিউ ময়নাগুৰি-যোগীঘোপা ৰে’লপথৰ বিলাসীপাৰাৰ পৰা অভয়াপুৰী জংছনলৈ CRS হৈ গ'ল। উত্তৰ–পূৰ্বাঞ্চলত ৰে’ল যোগাযোগৰ বাবে ইমান দিনে কেবল নিউ কোচবিহাৰৰ পৰা শ্ৰীৰামপুৰ–কোকৰাঝাৰ–বঙাইগাঁও হৈ এটাই মাত্ৰ ৰে’ল পথ আছিল। কিন্তু এতিয়াৰ পৰা ভাৰতীয় ৰে’ল মানচিত্ৰত সন্নিৱিষ্ট হ'ল উত্তৰ–পূৰ্বাঞ্চলৰ আন এক নতুন ৰে’লপথ।
নিউ কোচবিহাৰৰ পৰা তুফানগঞ্জ, বক্সিৰহাট হৈ গৌৰীপুৰলৈ পূৰ্বে আছিল ৰে’লপথ। উক্ত ৰে’লপথত গৌৰীপুৰৰ পৰা বিলাসীপাৰা যোৱাবছৰে সংযুক্ত হৈছিল। কিন্তু মঙলবাৰে উক্ত ৰে’লপথৰ বাকী অংশ অৰ্থাৎ বিলাসীপাৰাৰ পৰা চাপৰ, বহলপুৰ হৈ অভয়াপুৰী জংছনলৈ চলিল অন্তিম পৰীক্ষা–নিৰীক্ষা। পুৱাই অভয়াপুৰী জংছনৰ পৰা এখন ৰে’লগাড়ীয়ে হাইস্পীডত বিলাসীপাৰালৈ চলাই ৰে’ল কৰ্তৃপক্ষই মালবাহী আৰু যাত্ৰীবাহী ৰে’ল চলোৱাৰ বাবে তেওঁলোকৰ অন্তিম পৰীক্ষা সমাপ্ত কৰে।
কোভিডৰ বাবে কিছু পলম হ’লেও অৱশেষত সম্পুৰ্ণ হৈ উঠিল বিলাসীপাৰা-অভয়াপুৰী ৰে’ল পথ। পৰীক্ষামূলকভাৱে ৰে’ল চলিল অভয়াপুৰী পৰা বিলাসীপাৰালৈ আৰু তাকে প্ৰত্যক্ষ কৰিবলৈ ষ্টেচনসমূহত পুৱাৰে পৰা দেখা গ’ল অগণন জনতাক। কাৰণ বহু অপেক্ষাৰ অন্তত সম্পূর্ণ হৈ উঠিল নিউ ময়নাগুৰি-যোগীঘোপা সংযোগী ৰে’লপথছোৱাৰ নিৰ্মাণৰ কাম।
ৰে’লমন্ত্ৰী ৰামবিলাস পাচোৱানৰ সময়তে জৰীপ আৰম্ভ হোৱা উত্তৰ–পূৰ্বাঞ্চলৰ এই বিকল্প ৰে’লপথৰ নিৰ্মাণত সময় লাগিল প্ৰায় বিশ বছৰ। মঙলবাৰে উচ্চস্তৰীয় বহু বিষয়া-কৰ্মচাৰীয়ে আনুষ্ঠানিকভাৱে পৰীক্ষণ সমাপ্ত কৰে। পৰীক্ষণৰ অন্তত এখন যাত্ৰীবাহী ৰে’লৰ জৰিয়তেও অভয়াপুৰী ৰে’ল ষ্টেচনৰ পৰা বিলাসীপাৰা ৰে’ল ষ্টেচনলৈ ৰে’লপথছোৱা পৰীক্ষা কৰা পৰিলক্ষিত হয়।
আনহাতে উক্ত যাত্ৰীবাহী ৰে’লখন চাপৰ-বিলাসীপাৰাত উপস্থিত হোৱাৰ লগে লগে ৰে’লখন প্ৰত্যক্ষ কৰিবলৈ অগণন লোক ষ্টেচনত ভিৰ কৰা পৰিলক্ষিত হয়। উক্ত ৰে’লপথছোৱাৰে অতি শীঘ্ৰে গুৱাহাটী, শিলিগুৰি, শিলচৰ, কলিকতা আৰু দিল্লীৰ মাজত যাত্ৰীবাহী আৰু মালবাহী ৰে’ল চলাচল কৰিব বুলি জানিব পৰা গৈছে। ৰে’ল পথছোৱা সম্পূৰ্ণ হোৱাত উৎফুলিত হৈছে চাপৰ-বিলাসীপাৰাবাসী।
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in AssamesePublished by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|