বুধবাৰে বিয়লি ডুমডুমা-বাঘজান সংযোগী দলং ভাঙি পৰিছিল। ফলত অইল ইণ্ডিয়া কৰ্তৃপক্ষই জুই নিৰ্বাপনৰ বাবে প্ৰয়োজনীয় সামগ্ৰী তৈলখাদলৈ নিব পৰা নাই।
বুধবাৰে বিয়লি ডুমডুমা-বাঘজান সংযোগী দলং ভাঙি পৰিছিল। ফলত অইল ইণ্ডিয়া কৰ্তৃপক্ষই জুই নিৰ্বাপনৰ বাবে প্ৰয়োজনীয় সামগ্ৰী তৈলখাদলৈ নিব পৰা নাই।
বিপদে লগ এৰা নাই অইল ইণ্ডিয়াৰ লগতে বাঘজানবাসীৰ। ডুমডুমা-বাঘজান সংযোগী পকী দলংখন হঠাৎ ভঙাৰ পাছত এইবাৰ টিপুক-বাঘজান সংযোগী দলং ভাঙি পৰাৰ উপক্ৰম। বাঘজানৰ জুই নিৰ্বাপনৰ সকলো প্রস্তুতিৰ মাজতে পুনৰ অনিশ্চয়তাই দেখা দিছে বাঘজানত। বাঘজানৰ BGR-5 নম্বৰ তৈলখাদত সংঘটিত অগ্নিকাণ্ড নিৰ্বাপনত এইবাৰ বাধাৰ প্রাচীৰ হৈ থিয় দিছে প্রতিকূল বতৰে। বুধবাৰে বিয়লি ডুমডুমা-বাঘজান সংযোগী দলং ভাঙি পৰিছিল। ফলত অইল ইণ্ডিয়া কৰ্তৃপক্ষই জুই নিৰ্বাপনৰ বাবে প্ৰয়োজনীয় সামগ্ৰী তৈলখাদলৈ নিব পৰা নাই।
আনহাতে, পানীত বুৰ যোৱাৰ উপক্ৰম হৈছে সেনাই নিৰ্মাণ কৰা "বেইলী ব্ৰিজ"। যাৰ বাবে বিপদৰ সন্মুখীন হৈছে অইল ইণ্ডিয়া কৰ্তৃপক্ষ। ইফালে, ডুমডুমা-বাঘজানৰ বিকল্প পথ হিচাপে ব্যৱহৃত টিপুক-বাঘজান সংযোগী দলংখনো ভাঙি পৰাৰ উপক্ৰম হৈছে। যাক লৈ সৃষ্টি হৈছে আন এক অনিশ্চয়তাৰ। ইফালে, দুদিনৰ পৰা হৈ থকা ধাৰাসাৰ বৰষুণৰ ফলত ডাঙৰী নদীৰ পানীত ডুব গৈছে অইলে স্থাপন কৰা অইলৰ পাম্পসমূহ। এনে পৰিস্থিতিৰ বাবে অইল ইণ্ডিয়াই জুই নিৰ্বাপনৰ কাম দুদিনৰ বাবে স্থগিত ৰখা বুলি জানিব পৰা গৈছে।
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|