গুৱাহাটীত এইবাৰ PORK93, পিছে কি এই Pork93?

দক্ষিণ ভাৰতৰ জনপ্ৰিয় চিকেন 65ৰ বিষয়ে হয়তো আপুনি শুনিছে ৷ হয়তো সুযোগ বুজি কেতিয়াবা সোৱাদো লৈছে চিকেন 65ৰ ৷
দক্ষিণ ভাৰতৰ জনপ্ৰিয় চিকেন 65ৰ বিষয়ে হয়তো আপুনি শুনিছে ৷ হয়তো সুযোগ বুজি কেতিয়াবা সোৱাদো লৈছে চিকেন 65ৰ ৷
- News18 Assam
- Last Updated: February 29, 2020, 11:32 AM IST
জনপ্ৰিয় চেফ এ এম বুহাৰীয়ে প্ৰস্তুত কৰিছিল 'চীকেন 65' ৷ ম'ম'ক গুৱাহাটীত জনপ্ৰিয়তাৰ শিখৰলৈ নিয়া ম'ম' ঘৰৰ স্বত্বাধিকাৰী তপন কুমাৰ বৰুৱাই খাদ্য ৰসিকৰ বাবে প্ৰস্তুত কৰিছে এবিধ বিশেষ ব্যঞ্জন, নাম দিছে পৰ্ক 93 .....পিছে কিয় এই নাম দিলে ব্যঞ্জন বিধৰ?
‘দক্ষিণ ভাৰতৰ চীকেন 65ৰ বিষয়ে শুনিছো ৷ ম'ম'ক লৈ যিহেতু বিভিন্ন সময়ত পৰীক্ষা নিৰীক্ষা চলাই আহিছো, এইবাৰ ভাবিলো কিবা এটা নতুন কৰো ৷ ময়দাৰে আবৃত্ত ম'ম' কিছুমানে বেয়া পায় ৷ গতিকে চিন্তা কৰিলো ময়দাৰে আবৃত্ত নকৰাকৈ এটা নতুন ব্যঞ্জন কৰা যাওক ৷ যাৰ সোৱাদ ম'ম'ৰ দৰেই হ'ব ৷ যিহেতু ম'ম' ঘৰ ১৯৯৩ত আৰম্ভ হৈছিল, সেই কাৰনে নতুন ব্যঞ্জন বিধৰ নাম ৰাখিলো PORK93 ৷’
"পিয়াজ,আদা,নহৰু,জলকীয়া আৰু গাহৰি মাংস ৷ বৃহস্পতিবাৰে প্ৰথম ৰান্ধোতে চয়া ছ'চ দিয়া নাছিলো ৷ এতিয়া সামান্য পৰিমানে চয়া ছ'চ ব্যৱহাৰ কৰিছো ৷ একমাত্ৰ ৰংটোৰ বাবে ৷"
তপন কুমাৰ বৰুৱাই লগতে ক'লে, ‘পৰৱৰ্তী সময়ত ম'ম' ঘৰে আৰম্ভ কৰিব চীকেন 93 আৰু ভে'জ 93 .....১৯৮৬চনত তেজপুৰৰ পৰা ব্যৱসায়ীক উদ্দেশ্যে গুৱাহাটীলৈ অহা তপন কুমাৰ বৰুৱাই গুৱাহাটীৰ আমবাৰীত ১৯৯৩চনত আৰম্ভ কৰিছিল ম'ম' ঘৰ ৷ সেয়াই আৰম্ভণি ৷ তাৰ পিছত আৰু পিছলৈ ঘূৰি চাব লগীয়া হোৱা নাই তপন কুমাৰ বৰুৱা ৷ ভৰলুমুখ,চানমাৰীতো খুলিলে ম'ম' ঘৰ ৷ তেজপুৰতো আৰম্ভ হৈছে একে সোৱাদৰ ম'ম'ৰ ব্যৱসায় ৷
দুবছৰ পূৰ্বে ৰূপালী জয়ন্তী উদযাপন কৰিলে তপন কুমাৰ বৰুৱাৰ ম'ম' ঘৰে ৷ বছৰৰ ৩১মাৰ্চৰ দিনটোত ম'ম' ঘৰে প্ৰতি বছৰে উদযাপন কৰি আহিছে 'ম'ম' দিৱস' ৷ সততে ম'ম'ক লৈ পৰীক্ষা নিৰীক্ষা চলাই থকা তপন কুমাৰ বৰুৱাই আৰম্ভ কৰা পৰ্ক 93 নামৰ এই নতুন ব্যঞ্জনেও লাভ কৰিছে সমাদৰ ৷