মুখ্যপৃষ্ঠা »খবৰ »অসম »নতুন ৰাজনৈতিক দল গঠনৰ কুচকাৱাজ আলোচনাপন্থী আলফাৰ!

নতুন ৰাজনৈতিক দল গঠনৰ কুচকাৱাজ আলোচনাপন্থী আলফাৰ!

শনিবাৰে দৰং জিলাৰ দিপীলাত এই মন্তব্য আলোচনাপন্থী আলফা নেতা অনুপ চেতিয়াৰ

শনিবাৰে দৰং জিলাৰ দিপীলাত এই মন্তব্য আলোচনাপন্থী আলফা নেতা অনুপ চেতিয়াৰ

শনিবাৰে দৰং জিলাৰ দিপীলাত এই মন্তব্য আলোচনাপন্থী আলফা নেতা অনুপ চেতিয়াৰ

  • Share this:
    আলোচনাপন্থী আলফাৰ বেনাৰত ৰাজ্যত শীঘ্ৰে আত্ম প্ৰকাশ ঘটিব এটা নতুন ৰাজনৈতিক দলৰ। ইতিমধ্যে ৰাজ্যত নতুন ৰাজনৈতিক দল গঠনৰ কুচকাৱাজ আৰম্ভ কৰিছে আলোচনাপন্থী আলফা নেতা অনুপ চেতিয়াই। ‘শ্বহীদসকলক মৰ্যাদা দিবলগীয়া হ'লে ভৱিষ্যতে এখন নতুন চৰকাৰ বনাব লাগিব। আৰু এই চৰকাৰ বনাবলৈ হ'লে ৰাইজ প্ৰস্তুত হ'ব লাগিব।’ শনিবাৰে দৰং জিলাৰ দিপীলাত এই মন্তব্য আলোচনাপন্থী আলফা নেতা অনুপ চেতিয়াৰ। আলফাৰ শ্বহীদ দিৱসত উপস্থিত থাকি আলফাৰ নিজা চৰকাৰ গঠনৰ পোষকতা কৰি একপ্ৰকাৰ জনমত গঠনৰ চেষ্টা কৰে আলফা নেতাজনে। উল্লেখ্য যে ১৯৯১ চনৰ ২৭ জুলাইত দৰং দিলাৰ দিপীলাত অৰ্ধ সামৰিক বাহিনীৰ গুলীত নিহত হৈছিল ৫ জন নিৰীহ। আৰু তেতিয়াৰে পৰাই এই দিনটোতে আলফাই শ্বহীদ দিৱস হিচাপে পালন কৰিছিল।

    শেহতীয়া বাতৰি