আজি BTADত গঠন হ’ব নতুন ৰাজনৈতিক, RSSৰ আৰ্হিত গঠন হ’ব ‘BTAD সেনা’

২০২০ৰ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া BTADৰ পৰিষদীয় নিৰ্বাচনৰ পূৰ্বে বভোভূমিত নতুন ৰাজনৈতিক দল গঠনে শাসকীয় BPFক শ’লঠেকত পেলাব বুলি ধাৰণা কৰা হৈছে৷

News18-Assam
Updated:September 22, 2019, 11:36 AM IST
আজি BTADত গঠন হ’ব নতুন ৰাজনৈতিক, RSSৰ আৰ্হিত গঠন হ’ব ‘BTAD সেনা’
২০২০ৰ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া BTADৰ পৰিষদীয় নিৰ্বাচনৰ পূৰ্বে বভোভূমিত নতুন ৰাজনৈতিক দল গঠনে শাসকীয় BPFক শ’লঠেকত পেলাব বুলি ধাৰণা কৰা হৈছে৷
News18-Assam
Updated: September 22, 2019, 11:36 AM IST
আজি BTADত গঠন হ’ব নতুন ৰাজনৈতিক দল৷ সাংসদ নৱ কুমাৰ শৰণীয়াৰ নেতৃত্বত গঠন হ’বলগীয়া অবড়ো ৰাজনৈতিক দলটোৰ সমৰ্থনত আছে অবড়ো সুৰক্ষা সমিতি৷ পাঠশালাত এই উপলক্ষে আয়োজন কৰা হৈছে এক জনসভা৷ এই সভাতে আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ’ব নতুন ৰাজনৈতিক দলটোৰ নাম। ২০২০ৰ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া BTADৰ পৰিষদীয় নিৰ্বাচনৰ পূৰ্বে বভোভূমিত নতুন ৰাজনৈতিক দল গঠনে শাসকীয় BPFক শ’লঠেকত পেলাব বুলি ধাৰণা কৰা হৈছে৷

আনহাতে, BTADত RSSৰ আৰ্হিত আনুষ্ঠানিকভাৱে গঠন হ’ব বিটিএডি সেনা নামৰ এটা সংগঠন৷ এই সন্দৰ্ভত নৱ কুমাৰ শৰণীয়াই কয় যে BTAD সেনাত চাৰিটা বেটেলিয়ন থাকিব৷ BTADৰ সকলো ৰাইজৰ সুৰক্ষাৰ বাবে এই বেটেলিয়নে কাম কৰিব৷ প্ৰায় বিশ হাজাৰ সেনা থাকিব বিটিএডি সেনাত৷ BTAD সেনাই অস্ত্ৰ শক্তিক বিশ্বাস নকৰে, কিন্তু শাৰীৰিক সক্ষমতা সেনাৰ থাকিবই লাগিব৷ শাৰীৰিক সক্ষমতা থাকিলেহে মানসিক সক্ষমতা থাকে৷ আমি আসন্ন BTAD পৰিষদীয় নিৰ্বাচনত ৪০খন আসনতেই প্ৰতিদ্বন্দ্বিতা আগবঢ়াম আৰু দখল কৰিম।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি