ৰাজ্যত অব্যাহত আছে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ। ভোগালী বিহুৰ দিনাও ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে বিতৰ্কিত আইনখনৰ বিৰুদ্ধে প্ৰতিবাদ। তাৰ মাজতে আহিছে এক ডাঙৰ খবৰ। অহা ফেব্ৰুৱাৰী মাহৰ পিছতেই ৰাজ্যত গঠন হ’ব পাৰে এক নতুন ৰাজনৈতিক শক্তি!
গোৱালপাৰাত ভোগালী বিহুৰ এক কাৰ্যসূচীত ভাগলৈ আছুৰ সভাপতি দিপাংকৰ নাথে কয় যে, ‘দিল্লীয়ে আমাক প্ৰতাৰাণা কৰিছে। যোগ্য প্ৰত্যুত্তৰ দিবলৈ ৰাজ্যত নতুন ৰাজনৈতিক দলৰ প্ৰয়োজন আছে। জাতিৰ সংকটৰ সময়ত কেন্দ্ৰই মাতি আনিছে সৰ্বনাশ। ৪৩ বছৰৰ অবৌধ বিদেশীৰ বোজা জাপি দি জাতিটো শেষ কৰিব বিচাৰিছে। এই অবৈধ বিদেশীৰ বোজা অসমে কেতিয়াও মানি নলয়।’
নাথে লগতে কয় যে, বিকল্প শক্তি কি হ’ব ৰাইজে সিদ্ধান্ত ল’ব। ভৱিষ্যতৰ দিনত আমি বিকল্প শক্তি লৈ আগবাঢ়ি যাব লাগিব। অহা ফেব্ৰুৱাৰী মাহৰ পিছতে এই প্ৰক্ৰিয়া জোৰদাৰ গতিত আগবঢ়াই নিব লাগিব বুলি উল্লেখ কৰে আছুৰ সভাপতি গৰাকীয়ে।