আছু আৰু AJYCPৰ উদ্যোগত ৰাজ্যত নতুন ৰাজনৈতিক দল! বহু বিশিষ্ট ব্যক্তিকলৈ গঠনৰ দিশে পৰামৰ্শদাতা কমিটী

অতি সোনকালে ৰাজ্যত আত্মপ্ৰকাশ ঘটিব এটা নতুন আঞ্চলিক ৰাজনৈতিক দলৰ। অসমৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ লক্ষ্য আগত ৰাখি সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত গঠিত হ’ব নতুন ৰাজনৈতিক দল।
অতি সোনকালে ৰাজ্যত আত্মপ্ৰকাশ ঘটিব এটা নতুন আঞ্চলিক ৰাজনৈতিক দলৰ। অসমৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ লক্ষ্য আগত ৰাখি সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত গঠিত হ’ব নতুন ৰাজনৈতিক দল।
- News18 Assam
- Last Updated: August 19, 2020, 3:04 PM IST
কমিটীত উপদেষ্টা হিচাপে থাকিব বিশিষ্ট সাহিত্যিক নগেন শইকীয়া আৰু ড০ অৰূপ কুমাৰ দত্ত। ৰঞ্জিত শেখৰ মুছাহাৰী, জাহ্নু বৰুৱা, ডঃ গোপাল কৃষ্ণ ভট্টাচাৰ্য, বসন্ত ডেকা থাকিব আহ্বায়ক হিচাপে। প্ৰথম পৰ্যায়ত সমন্বয়ক হিচাপে থাকিব লুৰিণ জ্যোতি গগৈ আৰু পলাশ চাংমা। আনহাতে কমিটীৰ সদস্য হিচাপে থাকিব- ধীৰেণ শইকীয়া, আলী হাইদল লস্কৰ, ৰাণা চাংমাই, ৰফিকুড্ডিন আহমেদ, সঞ্জয় কুমাৰ তাঁতী, পৃথিৰাজ ৰাভা, সূৰ্য্য থাওচেন, হুছেইন আহমেদ লস্কৰ, প্ৰণৱজ্যোতি শইকীয়া, প্ৰদীপ ঘোষ।
এই সন্দৰ্ভত লুৰিণজ্যোতি গগৈয়ে কয় যে, অসমৰ লুণ্ঠনৰ ওপৰত যি ধাৰা ৰাইজে দেখি আহিছে, ৰাইজৰ বাৰে বাৰে বিশ্বাস ভংগ হৈছে। অসমৰ ৰাইজৰ চিন্তা আৰু আৱেগ বাৰে বাৰে ভৰিৰে মোহাৰি পেলাইছে। কা’ আন্দোলনৰ সময়ৰ পৰা ৰাইজে স্থায়ী সমাধান বিচাৰিছে। কোৰোণাৰ বাবে আমি জাতীয় অভিৱৰ্তন আৰম্ভ কৰিব নোৱাৰিলো। এই পৰামৰ্শ কমিটীয়ে জাতীয় অভিৱৰ্তন ক্ষেত্ৰত শক্তিশালী পৰামৰ্শ আগবঢ়াব।
পলাশ চাংমাই কয় যে, 'অসম গণ পৰিষদে দহ বছৰ চৰম বিশ্বাসঘাতকতা কৰিছে। যোৱা পাঁচটা বছৰ বিজেপিয়েও বিশ্বাসঘাটকতা কৰিলে। অসমৰ ৰাইজে কা’ কে ধৰি আন আন বিষয়সমূহৰ পৰা কেনেকৈ মুক্তি পাব তাৰ বাবে পৰামৰ্শদাতা কমিটী গঠন কৰা হৈছে। আছু আৰু এ জে ৱাই চি পি তেনেকৈ আগবাঢ়িব।’
এই কথাখিনিৰ পৰা এটা স্পষ্ট ইংগিত পোৱা যায় যে, হ’বলগীয়া আছুৰ দুলীয়াজান অধিৱেশনৰ পিছতে বৰ্তমানৰ নেতৃত্বই দায়িত্বৰ পৰা অব্যাহতি ল’ব। আৰু প্ৰত্যক্ষ ভাবে এটা আঞ্চলিক ৰাজনৈতিক দল গঠনৰ দিশে অগ্ৰসৰ হ’ব। আৰু তেতিয়া আছুৰ অৰাজনৈতিক চৰিত্ৰও অক্ষুন্ন থাকিব, আনহাতে বৰ্তমানৰ নেতৃত্বই আছুৰ পৰা অব্যাহতি লৈ আগন্তুক নিৰ্বাচনৰ আতে আগে ৰাজনৈতিক দল গঠন কৰি প্ৰত্যক্ষ ৰাজনীতিতো নামি পৰিব।