BTC আমি চৰকাৰ গঠন কৰিম, চৰকাৰ গঠন কৰিলেই BTCৰ পৰা অবড়ো গাঁও কৰ্তন কৰাৰ প্ৰস্তাৱ ল’ম – নৱ শৰণীয়া

নৱ কুমাৰ শৰণীয়াই কয় যে শিৱ সেনা, অসম সেনা, লাচিত সেনা আছে। শিৱ সেনাৰ বিধায়ক, সাংসদ আছে। তেন্তে BTAD সেনা কিয় হ’ব  নোৱাৰে? ৰাইজে BTAD সেনা গঠন কৰাতো বিচাৰিছে।

News18-Assam
Updated:September 22, 2019, 1:21 PM IST
BTC আমি চৰকাৰ গঠন কৰিম, চৰকাৰ গঠন কৰিলেই BTCৰ পৰা অবড়ো গাঁও কৰ্তন কৰাৰ প্ৰস্তাৱ ল’ম – নৱ শৰণীয়া
নৱ কুমাৰ শৰণীয়াই কয় যে শিৱ সেনা, অসম সেনা, লাচিত সেনা আছে। শিৱ সেনাৰ বিধায়ক, সাংসদ আছে। তেন্তে BTAD সেনা কিয় হ’ব  নোৱাৰে? ৰাইজে BTAD সেনা গঠন কৰাতো বিচাৰিছে।
News18-Assam
Updated: September 22, 2019, 1:21 PM IST
আজিৰে পৰা BTAD আৰ্মীৰ আৰম্ভ হ’ব। BTAD আৰ্মী কোনো জাতিৰ বা জনগোষ্ঠীৰ নহয়৷ সকলোৰে বাবে এই সেনা। পাঠশালাত এই ঘোষণা সাংসদ নৱ কুমাৰ শৰণীয়াৰ। পেটত গাঁঠি মাৰি কোনো আন্দোলন বা সংগ্ৰাম নচলে বুলিও মন্তব্য কৰে শৰণীয়াই৷ চাৰিটা বেটেলিয়নত গঠন হ’ব BTAD আৰ্মী। বিশ হাজাৰ সেনা আমাৰ প্ৰথম লক্ষ্য৷ দেশ সেৱাৰ কোনো সময় বা বয়স নাই৷ কিন্তু শাৰীৰিকভাৱে সক্ষম হ’বই লাগিব। এজন সচিবৰ অধীনত হ’ব BTAD সেনা৷ সচিবৰ তলত যুটীয়া সচিব থাকিব৷

BTCৰ চৰকাৰ আমাৰ হ’ব৷ চৰকাৰ হ’ব বুলি কোৱাতো ভাতৰ লগত পানী খোৱাৰ কথা নহয়৷ সকলোৱে কষ্ট কৰিব লাগিব। সভাত মন্তব্য সাংসদ নৱ শৰণীয়াৰ। সাংসদগৰাকীয়ে কয় – BTCত আমি চৰকাৰ গঠন কৰিলেই প্ৰস্তাৱ ল’ম, BTCৰ পৰা অবড়ো গাঁৱসমূহ কৰ্তন কৰিব লাগে।

বিটিএডিত নতুন ৰাজনৈতিক দল আৰু বিটিএডি সেনা গঠন সন্দৰ্ভত আয়োজিত সভাত সাংসদ নৱ কুমাৰ শৰণীয়াই কয় যে BTAD সেনা গঠনক লৈ বিতৰ্কৰ সূচনা কৰা হৈছে। শিৱ সেনা, অসম সেনা, লাচিত সেনা আছে। শিৱ সেনাৰ বিধায়ক, সাংসদ আছে। তেন্তে BTAD সেনা কিয় হ’ব  নোৱাৰে? ৰাইজে BTAD সেনা গঠন কৰাতো বিচাৰিছে।



২০১৪ৰ নিৰ্বাচনৰ পিছত BTADত হাজাৰ হাজাৰ AK47, পিষ্টলৰ শব্দ বন্ধ হৈ যাব বুলি কোনেও ভৱা নাছিল৷ ৰাইজে জিকিল নিৰ্বাচন৷ আগতে চাহ জনগোষ্ঠীয়, ৰাজবংশীয় লোকক অত্যাচাৰ কৰিলে প্ৰতিবাদেই কৰিবলৈ সাহস কৰা নাছিল৷ এতিয়া হাত তুলিবলৈ সাহস নকৰে। সভাত এই মন্তব্য সাংসদ নৱ শৰণীয়াৰ। ৰাইজক একত্ৰিত হ’বলৈ আহ্বান জনাই সাংসদগৰাকীয়ে কয় যে এতিয়া অস্ত্ৰৰ কথা কোনেও নাভাৱিব।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

 
আৰু চাওক পৰৱৰ্তী বাতৰি