অ’টিটি প্লেটফৰ্মত আজিৰে পৰা সংযোজিত হ’ল ৰীলড্ৰামা, মহানগৰীৰ হোটেলত আনুষ্ঠানিকভাৱে মুকলি

এই প্লেটফৰ্মযোগে ছবি নিৰ্মাণ বা ক্লাছিকেল সংগীতৰ প্ৰশিক্ষণো ল’ব পাৰিব নিজৰ ভাষাতে৷
এই প্লেটফৰ্মযোগে ছবি নিৰ্মাণ বা ক্লাছিকেল সংগীতৰ প্ৰশিক্ষণো ল’ব পাৰিব নিজৰ ভাষাতে৷
- News18 Assam
- Last Updated: January 21, 2021, 4:41 PM IST
এই অনবদ্য ব্যৱস্থা মুকলি কৰি ৰীলড্ৰামাৰ সঞ্চালক সুমিত দাসগুপ্তাই কয়, ‘‘ৰীলড্ৰামাই অসমৰ সংস্কৃতিক আপোনাৰ ঘৰলৈ, আপোনাৰ কাষলৈ লৈ আহিব৷ ইয়াত থাকিব বিভিন্ন কাহিনী, শ্ব’, সংগীতানুষ্ঠান আৰু বাৰ্তালাপ, যিয়ে সামৰি ল’ব কলা–সংস্কৃতি ইতিহাস, সাহিত্য, লোককৃষ্টি আৰু অসমীয়া চিনেমা৷ মুঠতে ৰীলড্ৰামাই সকলো ধৰণৰ দৰ্শকৰে প্ৰয়োজন পূৰণ কৰিবলৈ সক্ষম হ’ব৷ ৰীলড্ৰামাত উপলব্ধ হ’ব সমসাময়িক বিভিন্ন চলচ্চিত্ৰ, পূৰণি ছবি আৰু বিভিন্ন পুৰস্কাৰ বিজয়ী ছবিৰ উপৰি সংগীত, কমেডী আৰু আধ্যাত্মিক অনুষ্ঠান।
আনকি এই প্লেটফৰ্মযোগে ছবি নিৰ্মাণ বা ক্লাছিকেল সংগীতৰ প্ৰশিক্ষণো ল’ব পাৰিব নিজৰ ভাষাতে৷ অনাগত সময়ছোৱাত আন ন ন শৈক্ষিক কাৰ্যসূচীও ইয়াত সংযোজন ঘটোৱা হ’ব বুলি জনায় সঞ্চালকগৰাকীয়ে৷
উল্লেখযোগ্য যে দৰ্শকসকলে ৰীলড্ৰামাৰ বেৱছাইট WWW.REELDRAMA.COMলৈ গৈ অথবা গুগল প্লে’ ষ্ট’ৰ আৰু এপল ষ্ট’ৰলৈ গৈ ডাউনলোড কৰিব পাৰে৷ শীঘ্ৰে ৰীলড্ৰামা এপ এপল টিভি, এনড্ৰইড টিভি, এমেজন ফায়াৰষ্টিক আৰু ৰোকুতো উপলব্ধ হ’ব৷ তদুপৰি ৰীলড্ৰামা বিশ্বৰ ১৩৩খন দেশত উপলব্ধ হ’ব৷