সাৱধান! অসমতো বলৱৎ হ’ল নতুন যান–বাহন আইন, ভৰিব লাগিব ৫গুণ অধিক জৰিমনা

ইতিমধ্যে দেশৰ আন ঠাইত লাখ টকালৈকে জৰিমনা ভৰিছে আইন ভংগকাৰীয়ে।

News18-Assam
Updated:September 23, 2019, 8:12 PM IST
সাৱধান! অসমতো বলৱৎ হ’ল নতুন যান–বাহন আইন, ভৰিব লাগিব ৫গুণ অধিক জৰিমনা
ফাইল ফটোঃগুৱাহাটী ৰাজপথ
News18-Assam
Updated: September 23, 2019, 8:12 PM IST
অৱশেষত অসমত বলৱৎ নতুন যান–বাহন আইন। পূৰ্বতকৈ আইন অমান্য কৰিলে ভৰিব লাগিব ৫গুণ অধিক জৰিমনা। ইতিমধ্যে দেশৰ আন প্ৰান্তত নতুন যান–বাহন আইনৰ অধীনত লাখ টকালৈকে জৰিমনা ভৰিছে আইন ভংগকাৰীয়ে।

এতিয়াৰ পৰা ট্ৰেফিক আইন ভংগ কৰিলে ভৰিব লাগিব বৃহৎ পৰিমাণৰ জৰিমনা।আজিৰ পৰা সমগ্ৰ দেশতে বলৱৎ হৈছে নতুন ট্ৰেফিক আইন। দু্ঘটনা প্ৰতিৰোধৰ লক্ষ্যৰে মোদী চৰকাৰে বলৱৎ কৰা নতুন যান বাহন আইনৰ জৰিয়তে কিছু কিছু ক্ষেত্ৰত ৫ গুণ, ১০ গুণ আৰু ৩০ গুণলৈকে আইন ভংগ কৰিলে জৰিমনা বিহাৰ ব্যৱস্থা ৰখা হৈছে।সেইদৰে ট্ৰেফিক আইন ভংগ কৰিলে লাইচেন্স জব্দ কৰাৰ পৰা জেইল পৰ্যন্ত হ’ব পাৰে চালকৰ।

নতুন আইন অনুসৰি জৰিমনাৰ পৰিমান

ড্ৰাইভিং লাইচেঞ্চ নাথাকিলে ৫ হাজাৰ টকা
প্ৰদূষণমুক্ত প্ৰমাণপত্ৰ নাথাকিলে ১০ হাজাৰ টকা
ছীট বেল্ট ব্যৱহাৰ নকৰিলে ১,০০০ টকা
চালক আৰু আৰোহীয়ে ব্যৱহাৰ কৰিব লাগিব ছীট বেল্ট

শিশুৱে বাহনত বেল্ট ব্যৱহাৰ নকৰিলে ১,০০০ টকা
দুচকীয়া বাহনত দুজনৰ অধিক উঠিলে ১,০০০ টকা
বাইকৰ দুয়োজন আৰোহীয়ে পিন্ধিব লাগিব হেলমেট
হেলমেট নিপিন্ধিলে ভৰিব লাগিব ১,০০০ টকা
বাহন চলাওতে ম’বাইল ফোন ব্যৱহাৰকাৰীৰ ১০ হাজাৰ টকা
প্ৰথমবাৰ এই আইন উলংঘাকাৰীৰ জৰিমনা ৫ হাজাৰ টকা
বাহনৰ পঞ্জীয়ন নাথাকিলে ১০ হাজাৰ টকা
বাহনৰ অ’ভাৰ লোডিঙত ২০ হাজাৰ টকা
অতিৰিক্ত প্ৰতি টনৰ বাবদ ২ হাজাৰ টকা
অতিৰিক্ত যাত্ৰী পৰিবহণৰ ক্ষেত্ৰতো জৰিমনা
প্ৰতিজনৰ বিপৰীতে ভৰিব লাগিব ২০০ টকাকৈ
এম্বুলেন্স বাহনক বাট এৰি নিদিলে ১০ হাজাৰ টকা
অগ্নিনিৰ্বাপকৰ বাহনক বাট এৰি নিদিলেও ১০ হাজাৰ টকা
নিষিদ্ধ অঞ্চলত হৰ্ণ বজালে ভৰিব লাগিব ১ হাজাৰ টকা
বীমাবিহীন গাড়ীচালকে ভৰিব লাগিব ২ হাজাৰ টকা
অত্যধিক বেগত গাড়ী চলালও জৰিমণা
বাহনৰ ছাইলেন্সাৰৰ পৰা অতিৰিক্ত ধোঁৱা উলিওৱালেও জৰিমনা
বাহনৰ চালকজনে ভৰিব লাগিব ১,০০০ টকা

সুৰাপান কৰি গাড়ী চলালে ৬ মাহ জে’ল আৰু ১০ হাজাৰ টকা জৰিমনা। সেইদৰে আকৌ একেই ভুল পুনৰাবৃত্তি কৰিলে ২ বছৰ জে’ল আৰু ১৫০০০ টকাৰ জৰিমনা।

আৰু চাওক পৰৱৰ্তী বাতৰি