বাঁহৰ জুপুৰীত থাকে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ পৰিয়াল, আপুনি জানেনে ৰামেশ্বৰ তেলীৰ এইকেইটা কথা?
News18-Assam Updated:May 31, 2019, 11:16 AM IST

তেলীৰ বিৰুদ্ধে নাই কোনো অপৰাধজনিত গোচৰ। তেওঁৰ সম্পত্তিৰ পৰিমাণ ১০ লাখতকৈ কম।
তেলীৰ বিৰুদ্ধে নাই কোনো অপৰাধজনিত গোচৰ। তেওঁৰ সম্পত্তিৰ পৰিমাণ ১০ লাখতকৈ কম।
- News18 Assam
- Last Updated: May 31, 2019, 11:16 AM IST
জানো আহক তেলীৰ বিষয়ে ১০টা কথা :
১. ৰামেশ্বৰ তেলীৰ জন্ম হৈছিল ১৯৭০ চনৰ ১৪ আগষ্টত। ডিব্ৰুগড়ৰ টিপলিঙত জন্ম তেলীৰ। পিতৃৰ নাম বুধু তেলী আৰু মাতৃৰ নাম ডুকলা তেলী।
৩. দুলীয়াজানৰ পৰা দুবাৰকৈ বিধায়ক হিচাপে নিৰ্বাচিত হৈছে তেলী। ২০০১–২০০৬ আৰু ২০০৬–২০১১ চনলৈ দুলীয়াজানৰ বিধায়ক আছিল তেলী।

৪. ২০০১ চনত প্ৰথমবাৰৰ বাবে বিজেপি দলৰ পৰা বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হৈছিল ৰামেশ্বৰ তেলী। তেওঁ কংগ্ৰেছৰ প্ৰাৰ্থীক পৰাজিত কৰি নিৰ্বাচিত হৈছিল বিধায়ক হিচাপে।
৬. জনপ্ৰিয় চাহ জনগোষ্ঠীয় নেতা তেলীয়ে এইবাৰ লোকসভা নিৰ্বাচনত ৩.৬ লাখ ভোটৰ ব্যৱধানত পৰাস্ত কৰে কংগ্ৰেছৰ ৫ বাৰৰ সাংসদ পৱন সিং ঘাটোৱাৰক।
৭. ২০১৪ চনৰ লোকসভা নিৰ্বাচনত তেলীয়ে ১.৮৫ লাখ ভোটত পৰাজিত কৰিছিল পৱন সিং ঘাটোৱাৰক।
৮. ৰামেশ্বৰ তেলীৰ শিক্ষাগত অৰ্হতা উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ।
৯. জীৱন–যাপনৰ সাধাৰণ শৈলীৰ বাবে সমষ্টিত জনপ্ৰিয় ৰামেশ্বৰ তেলী। তেওঁৰ পৰিয়াল বাস কৰে বাঁহৰ জুপুৰীত। তেওঁৰ খুৰাক এজন ঠেলাচালক।
১০. নিজ সমষ্টিত তেলীয়ে বাঁহ–বেতেৰে তৈয়াৰী কাৰ্যালয়ৰ পৰাই কাম–কাজ চোৱাচিতা কৰে।