Maharashtra CM Eknath Shinde: ২১ জুনৰ পৰা ২৯ জুনলৈ নিজৰ অনুগত শিৱ সেনাৰ ৩৯ বিধায়কৰ সৈতে গুৱাহাটীত বাহৰ পাতি আছিল একনাথ সিন্দে।
Maharashtra CM Eknath Shinde: ২১ জুনৰ পৰা ২৯ জুনলৈ নিজৰ অনুগত শিৱ সেনাৰ ৩৯ বিধায়কৰ সৈতে গুৱাহাটীত বাহৰ পাতি আছিল একনাথ সিন্দে।
আজি মহাৰাষ্ট্ৰৰ নতুন মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰিলে একনাথ সিন্দে (Maharashtra CM Eknath Shinde)ই। প্ৰায় এপষেক ধৰি চলা হাইপ্ৰফাইল ৰাজনৈতিক ড্ৰামাৰ পিছত আজি সন্ধিয়া মুখ্যমন্ত্ৰীৰূপে একনাথ সিন্দেই শপত গ্ৰহণ কৰিলে। তাৰ পিছতে কাৰ্যালয়ত নিজৰ দায়িত্ব গ্ৰহণ কৰা একনাথ সিন্দেই অতি সোনকালে অসম (Assam) ভ্ৰমণ কৰাৰ আগ্ৰহ প্ৰকাশ কৰা বুলি জানিব পৰা গৈছে।
এই কথা জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ই। নতুন মুখ্যমন্ত্ৰী একনাথ সিন্দেক ফোন কৰি অভিনন্দন জ্ঞাপন কৰে মুখ্যমন্ত্ৰী শৰ্মাই। অসমৰ হৈ সিন্দেক শুভেচ্ছা জনোৱাৰ সময়তে শীঘ্ৰে অসমলৈ অহাৰ ইচ্ছাৰ কথা প্ৰকাশ কৰিলে একনাথ সিন্দেই।
উল্লেখ্য যে ২১ জুনৰ পৰা ২৯ জুনলৈ নিজৰ অনুগত শিৱ সেনাৰ ৩৯ বিধায়কৰ সৈতে গুৱাহাটী (Guwahati)ত বাহৰ পাতি আছিল একনাথ সিন্দে। গুৱহাটীৰ হোটেল ৰেডিছন ব্লুৰ পৰাই একনাথ সিন্দেই মহাৰাষ্ট্ৰৰ ৰাজনীতি নিয়ন্ত্ৰণ কৰি আছিল। মুম্বাইলৈ উভতি যোৱাৰ আগতে নীলাচলত মা কামাখ্যা (Kamakhya Temple)ৰ আশিস লৈও গৈছিল একনাথ সিন্দেই।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|