ইউৰোপৰ এঞ্জেলাৰ শেষ ইচ্ছা যোৰহাটৰ বিদ্যালয়ত পূৰণ কৰিলে পৰিয়ালে

অৱশেষত এঞ্জেলাৰ স্বামীয়ে পত্নীৰ ইচ্ছা অনুসৰি ‘এঞ্জেলাছ লিগেছী স্কলাৰশ্বীপ এণ্ড লাইব্ৰেৰী প্ৰজেক্ট’ৰ অধীনত বিদ্যালয়খনক প্ৰদান কৰে এটি পুথিভঁৰাল।
অৱশেষত এঞ্জেলাৰ স্বামীয়ে পত্নীৰ ইচ্ছা অনুসৰি ‘এঞ্জেলাছ লিগেছী স্কলাৰশ্বীপ এণ্ড লাইব্ৰেৰী প্ৰজেক্ট’ৰ অধীনত বিদ্যালয়খনক প্ৰদান কৰে এটি পুথিভঁৰাল।
- News18 Assam
- Last Updated: February 27, 2020, 5:26 PM IST
কিন্তু মৃত্যুৰ পূৰ্বে স্বামীক কৈ গৈছিল যোৰহাটৰ বিদ্যালয়খনৰ কথা। বিদ্যালয়খনত তেওঁ দি যোৱা প্ৰতিশ্ৰুতি স্বামীক পূৰণ কৰিবলৈ মৃত্যুৰ পূৰ্বে অনুৰোধ জনাইছিল এঞ্জেলাই। আৰু অৱশেষত এঞ্জেলাৰ স্বামীয়ে পত্নীৰ ইচ্ছা অনুসৰি ‘এঞ্জেলাছ লিগেছী স্কলাৰশ্বীপ এণ্ড লাইব্ৰেৰী প্ৰজেক্ট’ৰ অধীনত বিদ্যালয়খনক প্ৰদান কৰে এটি পুথিভঁৰাল।

এঞ্জেলাৰ ইচ্ছা অনুসৰি বিদ্যালয়খনৰ পুথিভঁৰালটোলৈ অনা হৈছে অসমীয়া, ইংৰাজী আৰু হিন্দীৰ বহুখিনি গুৰুত্বপূৰ্ণ কিতাপ। বিদেশী মহিলাগৰাকীৰ মহানুভৱতাৰ শলাগ লৈছে সকলোৱে।