
ৰাজ্য চৰকাৰে শেহতীয়াকৈ হাস্পতালৈ অহা ৰোগীৰ কোৰোণাৰ পৰীক্ষা আৰু কোৰোণাত আক্ৰান্ত ৰোগীৰ ডিচচাৰ্জৰ সন্দৰ্ভত নতুন নিয়ম জাৰি কৰিছে।
ৰাজ্য চৰকাৰে শেহতীয়াকৈ হাস্পতালৈ অহা ৰোগীৰ কোৰোণাৰ পৰীক্ষা আৰু কোৰোণাত আক্ৰান্ত ৰোগীৰ ডিচচাৰ্জৰ সন্দৰ্ভত নতুন নিয়ম জাৰি কৰিছে।
ৰাজ্য়ত হোৰাহোৰে বাঢ়িছে কোৰোণাত আক্ৰান্ত ৰোগীৰ সংখ্যা। কোৰোণাৰ সৈতে মোকাবিলা কৰিবলৈ প্ৰতিটো পদক্ষেপ গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। ৰাজ্য চৰকাৰে শেহতীয়াকৈ হাস্পতালৈ অহা ৰোগীৰ কোৰোণাৰ পৰীক্ষা আৰু কোৰোণাত আক্ৰান্ত ৰোগীৰ ডিচচাৰ্জৰ সন্দৰ্ভত নতুন নিয়ম জাৰি কৰিছে।
গাইড লাইনত কিছু সালসলনিঃ
- সকলো ঠাইতে কোৰোণাৰ টেষ্টিঙৰ সন্দৰ্ভত আইচিএমআৰৰ গাইডলাই ফলো কৰা হ'ব।
- সকলো জৰুৰীকালীন সেৱা(চাৰ্জাৰী আৰু ডেলিভাৰী)ত কোভিড টেষ্টিঙৰ কাৰণে বিলম্ব হ'ব নোৱাৰিব।
- কেজুৱেলিটী, মেডিকেল কলেজৰ জৰুৰী সেৱা, জিলা হাস্পতাল, সকলোধৰণৰ চৰকাৰী আৰু বে-চৰকাৰী হাস্পতাললৈ অহা ৰোগী কোভিড ৰিজাল্টৰ বাবে অপেক্ষা কৰি থাকিব নালাগে। কিন্তু কোৰোণাৰ লক্ষণ থকা ৰোগীৰ ক্ষেত্ৰত এয়া প্ৰযোজ্য নহ'ব।
- কোৰোণাৰ লক্ষণ নথকা হাস্পতালত ভৰ্তি হৈ থকা গৰ্ভৱতী মহিলা, চাৰ্জাৰীৰ ৰোগীৰ কোৰোণা পৰীক্ষা কৰিব নালাগে। কিন্তু কোৰোণাৰ লক্ষণ থাকিলে সেই নিয়ম প্ৰযোজ্য নহ'ব।
কোৰোণাত আক্ৰান্ত ৰোগীৰ ডিচচাৰ্জৰ ক্ষেত্ৰতঃ
- কোৰোণা ৰোগীক ৫ দিনৰ পিছত হাস্পতালৰ পৰা ডিচচাৰ্জ কৰা হ'ব। ডিচচাৰ্জৰ সময়ত কোনোধৰণৰ RAT/RTPCR পৰীক্ষাৰ প্ৰয়োজন নাই।
- কিন্তু লক্ষণ থকা ৰোগীৰ ক্ষেত্ৰত সিদ্ধান্ত ডাক্তৰে ল'ব। স্বাস্থ্যৰ শেহতীয়া অৱস্থাৰ অৱস্থাৰ ওপৰত নিৰ্ভৰ কৰিব।
- কোভিড কেয়াৰ চেণ্টাৰৰ পৰা ডিচচাৰ্জ কৰাৰ পিছত ২ দিন হোম আইচলেছনত থাকিব লাগিব।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|