নতুন চৰকাৰী আঁচনি ঘোষণা মুখ্যমন্ত্ৰীৰ, এইসকল হিতাধিকাৰীয়ে পাব ২ কোটি ৫ লাখ টকা

News18 Assam | News18-Assam
Updated:September 1, 2020, 3:15 PM IST
নতুন চৰকাৰী আঁচনি ঘোষণা মুখ্যমন্ত্ৰীৰ, এইসকল হিতাধিকাৰীয়ে পাব ২ কোটি ৫ লাখ টকা
বিভিন্ন চৰকাৰী আঁচনিৰ দৰেই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে সোমবাৰে গুৱাহাটীৰ খানাপাৰাস্থিত প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অসম অসামৰিক খাদ্য যোগান নিগমৰ অধীনত ধান বনা মিল স্থাপন আঁচনিৰ কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে।

  • Share this:
২০২১ চনৰ বিধান সভা নিৰ্বাচনলৈ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্য চৰকাৰে এখনৰ পিছত আনখন আঁচনি ঘোষনা কৰিবলৈ তৎপৰহৈ পৰিছে। বিভিন্ন চৰকাৰী আঁচনিৰ দৰেই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে সোমবাৰে গুৱাহাটীৰ খানাপাৰাস্থিত প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অসম অসামৰিক খাদ্য যোগান নিগমৰ অধীনত ধান বনা মিল স্থাপন আঁচনিৰ কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে।

এই অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপৰি অসামৰিক খাদ্য যোগান বিভাগৰ মন্ত্ৰী ফণীভূষণ চৌধুৰী , মন্ত্ৰী কেশৱ মহন্ত, মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা ঋষিকেশ গোস্বামী,মন্ত্ৰী নৱ কুমাৰ দলেৰ লগতে অন্যান্য বিষয়ববীয়াসকল।

ৰাজ্যত শস্য উৎপাদন তথা উৎপাদিত শস্য চপোৱা আৰু তাৰ পাছৰ কামকাজ ত্বৰিৎ কৰাৰ উদ্দেশ্যৰে মুখ্য মন্ত্ৰীৰ নিৰ্দেশমৰ্মে গ্ৰহণ কৰা হৈছে এই আঁচনি।

ধান বনা মিল স্থাপনৰ বাবে উদ্যোগী সকলক দুটা বিভাগত ক্ৰমে ১০ লাখ টকাআৰু ১৫লাখ টকাৰ সাহায্য প্ৰদান কৰাৰ ব্যৱস্থা কৰা হৈছে এই আঁচনিৰ অধীনত।
ঘণ্টাত ১ টন ধান বানিব পৰা পাৱাৰ থকা ১০০ টা মিলৰ বাবে ১০ লাখ টকাকৈ আৰু ঘণ্টাত ২ টন ধান বানিব পৰা ৭০টা মিলৰ বাবে ১৫ লাখ টকাৰ কেপিটেল চাবচিডীৰ ব্যৱস্থা কৰা হৈছে এই আঁচনিৰ জৰিয়তে।
First published: September 1, 2020, 3:15 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading