শীঘ্ৰে নিৰ্মাণ হ’ব গুৱাহাটীৰ আটাইতকৈ দীঘল উৰণীয়া সেঁতু, ক’ত হ’ব এই উৰণীয়া সেঁতুখন?

News18 Assam | News18-Assam
Updated:December 8, 2019, 10:13 AM IST
শীঘ্ৰে নিৰ্মাণ হ’ব গুৱাহাটীৰ আটাইতকৈ দীঘল উৰণীয়া সেঁতু, ক’ত হ’ব এই উৰণীয়া সেঁতুখন?
ৰাজ্য চৰকাৰৰ স্ব-অগ্ৰাধিকাৰ উন্নয়ন পুঁজি (SOPD)ৰ অধীনত নিৰ্মাণ হ’বলগীয়া উৰণীয়া সেঁতুখনৰ নিৰ্মাণকাৰ্যৰ শুভাৰম্ভণি কৰা হয় দেওবাৰে৷

ৰাজ্য চৰকাৰৰ স্ব-অগ্ৰাধিকাৰ উন্নয়ন পুঁজি (SOPD)ৰ অধীনত নিৰ্মাণ হ’বলগীয়া উৰণীয়া সেঁতুখনৰ নিৰ্মাণকাৰ্যৰ শুভাৰম্ভণি কৰা হয় দেওবাৰে৷

  • Share this:
শীঘ্ৰে নিৰ্মাণ হ’ব গুৱাহাটীৰ আটাইতকৈ দীঘল উৰণীয়া সেঁতু। দিশপুৰৰ পৰা খানাপাৰা অভিমুখী আৰু ছুপাৰ মাৰ্কেটৰ পৰা লাষ্টগে’ট অভিমুখী জি এছ ৰোডৰ ওপৰত নিৰ্মাণ হ’ব এই উৰণীয়া সেঁতু।

ৰাজ্য চৰকাৰৰ স্ব-অগ্ৰাধিকাৰ উন্নয়ন পুঁজি (SOPD)ৰ অধীনত নিৰ্মাণ হ’বলগীয়া উৰণীয়া সেঁতুখনৰ নিৰ্মাণকাৰ্যৰ শুভাৰম্ভণি কৰা হয় দেওবাৰে৷ মুঠ ১২৭.২০ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ হ’বলগীয়া উৰণীয়া সেঁতুখনৰ দৈৰ্ঘ্য হ’ব ১৪০০ মিটাৰ৷ উৰণীয়া সেঁতুখনৰ নিৰ্মাণৰ বাবে সময় ধাৰ্য কৰা হৈছে ৩৬ মাহ৷

মহানগৰীৰ লাষ্টগেটত অনুষ্ঠিত শুভাৰম্ভণি অনুষ্ঠানত উৰণীয়া সেঁতুখনৰ নিৰ্মাণকাৰ্যৰ শুভাৰম্ভণি কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু গড়কাপ্টানী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ অনুষ্ঠানত উপস্থিত থাকে গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য, দিশপুৰৰ বিধায়ক অতুল বৰাকে ধৰি বহু নেতা-বিধায়ক৷



এই নতুন উৰণীয়া সেঁতুৱে গুৱাহাটীৰ যান–জঁট বহু পৰিমাণে লাঘৱ কৰিব আশাবাদী সকলো।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
First published: December 8, 2019, 10:07 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading