News18 AssamNews18 Assam
|
News18-Assam Updated:March 6, 2020, 5:51 PM IST
আজি অসম বিধানসভাত বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দাখিল কৰা বাজেটত ৰাজ্যৰ শিক্ষাখণ্ডৰ বাবে লোৱা হৈছে বহু কেইখন গুৰুত্বপূৰ্ণ আঁচনি।
আজি অসম বিধানসভাত বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দাখিল কৰা বাজেটত ৰাজ্যৰ শিক্ষাখণ্ডৰ বাবে লোৱা হৈছে বহু কেইখন গুৰুত্বপূৰ্ণ আঁচনি।
আজি অসম বিধানসভাত বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দাখিল কৰা বাজেটত ৰাজ্যৰ শিক্ষাখণ্ডৰ বাবে লোৱা হৈছে বহু কেইখন গুৰুত্বপূৰ্ণ আঁচনি। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাজেট ভাষণত ৰাজ্যত ২০২০–২১ বিত্তীয় বৰ্ষত বহু কেইখন নিৰ্মীয়মান অৱস্থাত থকা শিক্ষানুষ্ঠান আৰম্ভ কৰাৰ লগতে বহু কেইখন শিক্ষানুষ্ঠান প্ৰতিষ্ঠাৰ কথা ঘোষণা কৰে।
- ২০২০–২১ত বিত্তীয় বৰ্ষত ডিফু আৰু উত্তৰ লখিমপুৰত দুখনকৈ চিকিৎসা মহাবিদ্যালয় কাৰ্যক্ষম হৈ উঠিব।
- ধেমাজীত কাৰ্যক্ষম হ’ব এখন অভিযান্ত্ৰিক মহাবিদ্যালয়।
- ২০২০–২১ বৰ্ষত ৭ খনকৈ নতুন চৰকাৰী মহাবিদ্যালয় ক্ৰমে, কাছাৰৰ বৰখলা, কাৰ্বি আংলঙৰ দেইথৰ, তিনিচুকীয়াৰ কাকপথাৰ, হাইলাকান্দিৰ কাটলিচেৰা, মৰিগাঁৱৰ লাহৰিঘাট, নগাঁৱৰ চামগুৰি আৰু দক্ষিণ শালমৰাৰ মাঝেৰ আলগা চৰকাৰী মহাবিদ্যালয়।
- মৰিগাঁও, উদালগুৰি, তিনিচুকীয়া, হাইলাকান্দি আৰু চিৰাংত পলিটেকনিক প্ৰতিষ্ঠানৰ নিৰ্মাণ।
- গোলাঘাটত নতুনকৈ সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয় স্থাপন।
- সোণাৰী, বিশ্বনাথ চাৰিআলি, গোৱালপাৰাত চিকিৎসা মহাবিদ্যালয় স্থাপন।
- গোৱালপাৰাৰ দুধনৈত আয়ুৰ্বেদিক মহাবিদ্যালয় স্থাপন।
- কলিয়াবৰত এখন নতুন আইন মহাবিদ্যালয় স্থাপন।
- মঙলদৈত এখন নতুন আভিযান্ত্ৰিক মহাবিদ্যালয়।
- গুৱাহাটী বিশ্ববিদ্যালয়ত বিদেশী ভাষা প্ৰশিক্ষণ প্ৰতিষ্ঠান।