আগন্তুক শিক্ষা বৰ্ষৰ পৰা ৰাজ্যত কাৰ্যকৰী হোৱাৰ কথা নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি। কিন্তু নতুন শিক্ষা নীতি কাৰ্যকৰী কৰাৰ দিশে আগবঢ়াৰ লগে লগে ৰাজ্যৰ হাজাৰ হাজাৰ অংগনবাড়ী কেন্দ্ৰ বন্ধ হৈ যোৱাৰ উপক্ৰম হৈছে। অংগনবাড়ী কেন্দ্ৰসমূহ বন্ধ হৈ গলে নিয়োজিত হৈ থকা কৰ্মী আৰু সহায়িকাসকলৰ কি হ'ব স্থিতি, সেয়া এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন হৈ পৰিছে।
ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা(Himanta Biswa Sarma)ই এই সম্পৰ্কত সিদ্ধান্ত গ্ৰহণ কৰিবলৈ গঠন কৰি দিছে এখন কমিটী। আৰু কমিটীয়ে সমগ্ৰ বিষয়টো চোৱা-চিতা কৰি এক প্ৰতিবেদন দাখিল কৰিব। শিক্ষামন্ত্ৰী ৰণোজ পেগু(Ranuj Pegu) আৰু বিত্তমন্ত্ৰী অজন্তা নেওগকলৈ(Ajanta Neog) গঠন কৰা হৈছে দুজনীয়া কমিটী। আৰু কমিটীয়ে বিষয়টো পৰ্যালোচনা কৰিব। শনিবাৰে এই কথা জনাইছে মন্ত্ৰী অজন্তা নেওগে। এই সন্দৰ্ভত মন্ত্ৰী অজন্তা নেওগে কয় যে, 'মই সন্দৰ্ভত শিক্ষামন্ত্ৰী আৰু মোকলৈ মুখ্যমন্ত্ৰীয়ে এখন কমিটীখন কৰি দিছে। আমি গোটেই কথা বিলাক চাই লব লাগিব। তাৰ পিছত আমি সিদ্ধান্ত লম। পিছত আমি আপোনালোকক জনাম।'