• Home
  • »
  • News
  • »
  • assam
  • »
  • Digital Learning: ৰাজ্যত এখোজ আগুৱালে নতুন শিক্ষানীতি, ডিজিটেল প্লেটফৰ্মত অন্তৰ্ভুক্ত হ'ব ১২,০০০ পাঠ্যক্ৰম

Digital Learning: ৰাজ্যত এখোজ আগুৱালে নতুন শিক্ষানীতি, ডিজিটেল প্লেটফৰ্মত অন্তৰ্ভুক্ত হ'ব ১২,০০০ পাঠ্যক্ৰম

চৌহদৰ ভিতৰৰ প্ৰচলিত শিক্ষা ব্যৱস্থাৰ লগতে Global  Educationত সহায় কৰিব এই পদক্ষেপে।

চৌহদৰ ভিতৰৰ প্ৰচলিত শিক্ষা ব্যৱস্থাৰ লগতে Global  Educationত সহায় কৰিব এই পদক্ষেপে।

চৌহদৰ ভিতৰৰ প্ৰচলিত শিক্ষা ব্যৱস্থাৰ লগতে Global  Educationত সহায় কৰিব এই পদক্ষেপে।

  • Share this:
আন ৰাজ্যৰ নিচিনা ২০২৩ বৰ্ষত ৰাজ্যত সম্পূৰ্ণৰূপে প্ৰৱৰ্তন হোৱাৰ সম্ভাৱনা আছে নতুন শিক্ষানীতি। তাৰ বাবে শিক্ষা বিভাগে লৈছে এটাৰ পিছত আন এটা পদক্ষেপ। নতুন শিক্ষা নীতিৰ এক অংশ হিচাপে শিক্ষা বিভাগে সোমবাৰৰ পৰা প্ৰৱৰ্তন কৰিছিল digital Learningৰ ব্যৱস্থা।

সোমবাৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু (Dr. Ranoj Pegu)ৰ উপস্থিতিত অসম চৰকাৰে এক  বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰে। ইয়াৰ জৰিয়তে ডিজিটেল প্লেটফৰ্মৰ জৰিয়তে শিক্ষা লাভ কৰিব পাৰিব অসমৰ শিক্ষাৰ্থীসকলে। বিশেষকৈ অসমৰ অভিযান্ত্ৰিক মহাবিদ্যালয়সমূহত infosysৰ ব্যৱহাৰ কৰিব যদিও বাকী শিক্ষানুষ্ঠানসমূহেও ব্যৱহাৰ কৰাত নাথাকিব কোনো বাধা।

মোবাইল আৰু কম্পিউটাৰৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীয়ে গ্ৰহণ কৰিব পাৰিব এনেধৰণৰ উচ্চ শিক্ষা। এই ডিজিটেল লাৰ্নিং প্লেটফৰ্ম  ইনফ'ছিছ স্প্ৰিংবোৰ্ড (infosys springboard) হ'ব সম্পূৰ্ণ বিনামূলীয়া। চৌহদৰ ভিতৰৰ প্ৰচলিত শিক্ষা ব্যৱস্থাৰ লগতে Global  Educationত সহায় কৰিব এই পদক্ষেপে। নতুন শিক্ষানীতিৰ (New Education Policy) অংশ ডিজিটেল প্লেটফৰ্ত অন্তৰ্ভুক্ত হ'ব  ১২,০০০ পাঠ্যক্ৰম। উল্লেখযোগ্য যে ২০২২ বৰ্ষৰ ভিতৰত অসমত প্ৰৱৰ্তন হোৱাৰ সম্ভাৱনা নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি