মুখ্যপৃষ্ঠা »খবৰ »অসম »DGP GP Singh: নতুন আৰক্ষী সঞ্চালকৰ অসম আৰক্ষীৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ; আৰক্ষীৰ সপ্তাহিক ছুটিৰ পৰা পেঞ্চন ব্যৱস্থালৈকে লোৱা হ’ল এইসমূহ সিদ্ধান্ত

DGP GP Singh: নতুন আৰক্ষী সঞ্চালকৰ অসম আৰক্ষীৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ; আৰক্ষীৰ সপ্তাহিক ছুটিৰ পৰা পেঞ্চন ব্যৱস্থালৈকে লোৱা হ’ল এইসমূহ সিদ্ধান্ত

সকলো মহিলা আৰক্ষীৰ বাবে পৃথক শৌচালয়ৰ ব্যৱস্থা কৰা হ’ব

সকলো মহিলা আৰক্ষীৰ বাবে পৃথক শৌচালয়ৰ ব্যৱস্থা কৰা হ’ব

  • Share this:
নৱনিযুক্ত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙ (GP Singh)ৰ উপস্থিতিত বৃহস্পতিবাৰে গুৱহাটীত অসম আৰক্ষীৰ অধীক্ষক পৰ্যায়ৰ পৰা উচ্চ পৰ্যায়ৰ বিষয়াসকলৰ উপস্থিতিত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। গুৱাহাটীৰ বাহিৰৰ বিষয়াসকলে ভাৰ্চুৱেল মাধ্যমেৰে এই বৈঠকত অংশ গ্ৰহণ কৰে। এই বৈঠকত অসম আৰক্ষীৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

এই সিদ্ধান্তসমূহ হল এনেধৰণৰ–

১. অসম আৰক্ষীৰ মুখ্য কাৰ্য্যালয় আৰু আৰক্ষী অধীক্ষকৰ কাৰ্যালয়সমূহত প্ৰতিটো কৰ্মদিনত পুৱা ১১ বাজি ৩০ মিনিটৰ পৰা বিয়লি ১ বাজি ৩০ মিনিটলৈ এজন বিষয়া উপস্থিত থকাটো নিশ্চিত কৰা হ’ব। এই বিষয়াগৰাকীয়ে ৰাইজৰ লগত মত বিনিময় কৰি তেওঁলোকৰ অভাৱ-অভিযোগসমূহ নিৰাময়ৰ ব্যৱস্থা কৰিব। এই ব্যৱস্থা অহা ১৩ ফেব্ৰুৱাৰী, ২০২৩ৰ পৰা আৰম্ভ হ’ব।

২. জৰুৰী অৱস্থাৰ বাহিৰে আন দিনত আৰক্ষী অধীক্ষকসকলৰ অধীনস্থ এলেকাসমূহত নিয়োজিত আৰক্ষী লোকসকলৰ প্ৰতি সপ্তাহত এটা ছুটি দিন বাধ্যতামূলক কৰা হ’ব। অৱশ্যে, এই নিয়ম থানা আৰু আৰক্ষী চকীসমূহৰ ভাৰপ্ৰাপ্ত বিষয়াসকলকে ধৰি চাৰ্জ পোষ্টত থকা আৰক্ষী বিষয়াসকলৰ ক্ষেত্ৰত প্ৰযোজ্য নহ’ব বুলি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

৩. অসম আৰক্ষীৰ মুখ্য কাৰ্য্যালয়কে ধৰি সকলো জিলা, বেটেলিয়নৰ কাৰ্যালয় আৰু অসম আৰক্ষীৰ অধীনস্থ অন্যান্য সংস্থাসমূহে অহা দুমাহৰ ভিতৰত মীমাংসা নোহোৱাকৈ থকা কৰ্মচাৰীসকলৰ পেঞ্চন সংক্ৰান্তীয় কাম কাজসমূহ নিষ্পত্তি কৰাটো নিশ্চিত কৰিব লাগিব। আনহাতে, এতিয়াৰে পৰা কমেও এবছৰ আগৰে পৰা অৱসৰ গ্ৰহণ কৰিব লগা বিষয়া-কৰ্মচাৰী তথা অন্যান্য আৰক্ষীৰ লোকসকলৰ পেঞ্চন সংক্ৰান্তীয় কামকাজসমূহ আৰম্ভ কৰা হ’ব।

৪. জিলা, বেটেলিয়নসমূহ আৰু অসম আৰক্ষীৰ অধীনস্থ অন্যান্য সংস্থাসমূহৰ কাৰ্যালয়সমূহত সকলো মহিলা আৰক্ষীৰ বাবে পৃথক শৌচালয়ৰ ব্যৱস্থা কৰা হ’ব।

৫. আৰক্ষীৰ লোকসকলে ৰাইজে স্পষ্টকৈ দেখাকৈ স্থানীয় ভাষাত অথবা দ্বি-ভাষীক নামফলক লগাব লাগিব।

৬. এই বৈঠকতে আৰক্ষী সঞ্চালক প্ৰধান GP Singh–এ আৰক্ষী বিষয়াসকলক উদ্দেশ্যি কয় যে আৰক্ষী লোকসকলে ৰাইজক সঠিক আৰু নম্ৰ ব্যৱহাৰ কৰাৰ লগতে পদবী নিৰ্বিশেষে সহকৰ্মীসকলকো উপযুক্ত সন্মান প্ৰদৰ্শন আৰু মৰ্যাদা প্ৰদান কৰাটো নিশ্চিত কৰিব লাগিব। আৰক্ষীৰ লোকসকলক তেওঁলোকৰ স্বাস্থ্যৰ যত্ন লোৱাৰপৰামৰ্শ দিয়ে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে। এই বৈঠকতে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে আৰক্ষী বিষয়া-কৰ্মচাৰীসকলক সৰ্বোচ্চ স্তৰত পেছাগত আৰু ব্যক্তিগত অনুশাসন মানি চলিবলৈ আহ্বান জনায় ।

শেহতীয়া বাতৰি