সোমবাৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই কোভিড পৰিস্থিতিৰ ওপৰত এখন সংবাদমেল সম্বোধন কৰে।
সোমবাৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই কোভিড পৰিস্থিতিৰ ওপৰত এখন সংবাদমেল সম্বোধন কৰে।
- সোমবাৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই কোভিড পৰিস্থিতিৰ ওপৰত এখন সংবাদমেল সম্বোধন কৰে।
- সংবাদমেলত মন্ত্ৰীগৰাকীয়ে নতুন কোভিড SOPৰ সবিশেষ জনায়।
- ৩৫৬টা কণ্টেইনমেণ্ট জ'ন আছে ৰাজ্যত।
- গোলাঘাট, যোৰহাট, লখিমপুৰ, বিশ্বনাথ আৰু শোণিতপুৰ জিলাক সম্পূৰ্ণ কণ্টেইনমেণ্ট জিলা ঘোষনা।
- মৰিগাঁও আৰু গোৱালপাৰাত শিথিল কৰি গেলামাল দোকান ৫ বজালৈ খোলা থাকিব যদিও জিলা দুখনত ২-বজাৰ পৰা সন্ধ্যা আইন বলবৎ হ'ব।
- ৰাজ্যৰ অন্যান্য জিলাত পুৱা ৫ বজাৰ পৰা বিয়লি ৪ বজালৈ খোৱা থাকিব। বাকী সময় সন্ধ্যা আইন।
- বিমান বন্দৰ আৰু ৰেলৱে ষ্টেচনত পূৰ্বোত্তৰৰ বিভিন্ন ৰাজ্যৰ লোকৰ লগতে অন্য সকলকো কভিড টেষ্ট কৰিব চৰকাৰে।
- চুলাই ঘাটি আৰু গধূলিৰ আড্ডাৰ পৰা কোৰোণা বিয়পিছে বুলি মন্তব্য কৰে কেশৱ মহন্তই।
- ডিব্ৰুগড়, শিৱসাগৰ আৰু নগাঁৱৰ ওপৰত চৰকাৰৰ চোকা নজৰ ৰাখিব।
- আন্ত:জিলা যাতায়ত পুনৰ এসপ্তাহলৈ বন্ধ থাকিব।
- বিয়া, মৃতদেহ সৎকাৰত দহ জন লোককহে অনুমতি প্ৰদান।
- ঈদৰ নামাজ ৰাজহুৱা ভাৱে অনুষ্ঠিত কৰিব নোৱাৰিব।
- ঘৰে ঘৰে নামাজ পঢ়িবলৈ ইছলাম ধৰ্মাৱলম্বী লোকক আহ্বান মন্ত্ৰী কেশৱ মহন্তৰ।
- মহজিদত সৰ্বাধিক ৫ গৰাকী লোকেহে নামাজ পঢ়িব পাৰিব।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|