শেহতীয়াকৈ গুৱাহাটীলৈ অহাৰ কথা চিন্তা কৰিছে নেকি? যদি কোনো বিশেষ জৰুৰী কাম নাই, তেন্তে এই সপ্তাহত গুৱাহাটীলৈ নাহিব। ৰাজ্য চৰকাৰে এই ক্ষেত্ৰত জাৰি কৰিছে নিষেধাজ্ঞা।
মঙলবাৰে ৰাজ্য চৰকাৰে জাৰি কৰিলে নতুন কোভিড এছ অ পি। নতুন এছ অ পি অনুসৰি,আন্তঃজিলা যাতায়াতৰ ক্ষেত্ৰত থকা নিষেধাজ্ঞাত শিথিলতাৰ ব্যৱস্থা কৰা হৈছে। নিজৰ ব্যক্তিগত বাহনেৰে এখন জিলাৰ পৰা আনএখন জিলালৈ যাব পাৰিব আপুনি। কিন্তু এই নিয়ম প্ৰযোজ্য নহ'ব কামৰূপ (মহানগৰ) জিলাৰ ক্ষেত্ৰত। শেহতীয়া কোভিড পৰিস্থিতিলৈ লক্ষ্য ৰাখি কামৰূপ (মহানগৰ) জিলাৰ পৰা অন্য জিলালৈ আৰু আন জিলাৰ পৰা কামৰূপ (মহানগৰ) জিলালৈ আহ-যাহত নিষেধাজ্ঞা বাহাল থাকিব। সেইদৰে দৈনিক যুগ্ম-অযুগ্ম সংখ্যাৰ (Odd-Even Numbers) বাহন চলাচলৰ নিয়মো বাতিল কৰা হৈছে।
কামৰূপ মহানগৰ জিলাৰ বাদে আন জিলাত অন্তঃ জিলা যাতায়াত উপলব্ধ হব যদিও ৰাজহুৱা পৰিবহন, যাত্ৰী পৰিবাহী বাহনেৰে আন্তঃজিলা যাতায়াতৰ ক্ষেত্ৰত বাহাল থাকিব নিষেধাজ্ঞা।
যদিও কামৰূপ (মহানগৰ) জিলাৰ পৰা অন্য জিলালৈ আৰু আন জিলাৰ পৰা কামৰূপ (মহানগৰ) জিলালৈ আহ-যাহত নিষেধাজ্ঞা বাহাল ৰখা হৈছে যদিও স্বাস্থ্যজনিত কাৰণ বা আন জৰুৰী কামৰ বাবে নিৰ্দিষ্ট অনুমতি পত্ৰ গ্ৰহণ কৰি অহা-যোৱা কৰিব পাৰিব।
Published by: Himangshu Bhuyan
FIRST PUBLISHED : August 17, 2021, 12:45 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।