মুখ্যপৃষ্ঠা » খবৰ

» অসম

»New Covid SOP: সোমবাৰৰ পৰা গুৱাহাটীত বিয়লি ৪ বজাৰ পৰা সান্ধ্য আইন, ৪ খন জিলাত সম্পূৰ্ণ কণ্টেইনমেণ্ট জন ঘোষণা

New Covid SOP: সোমবাৰৰ পৰা গুৱাহাটীত বিয়লি ৪ বজাৰ পৰা সান্ধ্য আইন, ৪ খন জিলাত সম্পূৰ্ণ কণ্টেইনমেণ্ট জন ঘোষণা

News18 Assam | News18-Assam
Updated:June 25, 2021, 7:42 PM IST
New Covid SOP: সোমবাৰৰ পৰা গুৱাহাটীত বিয়লি ৪ বজাৰ পৰা সান্ধ্য আইন, ৪ খন জিলাত সম্পূৰ্ণ কণ্টেইনমেণ্ট জন ঘোষণা
শুকুৰবাৰে সংবাদমেল সম্বোধন কৰি এই মন্তব্য কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই। 

শুকুৰবাৰে সংবাদমেল সম্বোধন কৰি এই মন্তব্য কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই। 

  • Share this:
অহা সোমবাৰৰ পৰা ৰাজ্যত প্ৰযোজ্য হ'ব নতুন কোভিড SOP। এসপ্তাহৰ বাবে বাহাল থাকিব নতুন  SOPৰ বিধিসূহ। শুকুৰবাৰে সংবাদমেল সম্বোধন কৰি এই মন্তব্য কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই।

  • ৪খন জিলাত সম্পূৰ্ণ কণ্টেইনমেণ্ট জ'ন ঘোষণা। বিশ্বনাথ,মৰিগাওঁ,গোলাঘাটৰ বোকাখাট মহকুমা আৰু গোৱালপাৰা জিলাত হ'ব  কণ্টেইনমেণ্ট জন।


  • গুৱাহাটীত ৪ বজাৰ পৰা সান্ধ্য আইন।

  • সোমবাৰৰ পৰা কামৰূপ মেট্ৰ' জিলাত বিয়লি ৩ বজালৈ দোকান খুলিব পাৰিব ৷ বাকী জিলা সমূহ এতিয়াৰ নিচিনাকৈ থাকিব ৷

  • আন্তঃ জিলা যাতায়াত বন্ধ থাকিব ৷

  • ৰাজ্যত ২৪৭টা কোৰোণাৰ হটস্পট চিনাক্ত কৰা হৈছে।



স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই লগতে কয় যে-

  • ১  জুলাই ৰ পৰ অধিক ভেকচিন লাভ কৰিব চৰকাৰে। প্ৰতিদিনাই ডেৰ লাখ ভেকচিন লাভ কৰিৰ সম্ভাৱনা।

  • যিসকলে কোৰোণাৰ দুয়োপালি ভেকচিন লৈছে, তেওঁলোকে এয়াৰপৰ্ট ত কোভিড টেষ্ট কৰিব নালাগে।

  • অংগনবাড়ী কৰ্মী, সমাজ কল্যান বিভাগ তথা শিশু সকলৰ লগত জড়িত যিসকল কৰ্মচাৰী আছে তেওঁলোকক ভেকচিন দিবলৈ জিলা উপায়ুক্তই ব্যৱস্থা কৰিব। ভেকচিন নল'লে দৰমহা দিয়া নহ'ব।

Published by: Himangshu Bhuyan
First published: June 25, 2021, 7:30 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি