• Home
  • »
  • News
  • »
  • assam
  • »
  • New Covid SOP: সোমবাৰৰ পৰা ৰাজ্যবাসীয়ে মানিব লাগিব এই নিৰ্দেশনা, ৩ জিলা আৰু ১টা মহকুমাত ২৪ ঘণ্টাই সান্ধ্য আইন

New Covid SOP: সোমবাৰৰ পৰা ৰাজ্যবাসীয়ে মানিব লাগিব এই নিৰ্দেশনা, ৩ জিলা আৰু ১টা মহকুমাত ২৪ ঘণ্টাই সান্ধ্য আইন

প্ৰতি জিলাৰ কোভিড পৰিস্থিতি অনুসৰি জাৰি কৰিছে এই SOP, এই সময়ছোৱাত অত্যাৱশ্যকীয় সেৱাক ৰেহাই দিয়া হ'ব, আনহাতে, আন্তঃজিলা যাতায়াত বন্ধ থাকিব।

প্ৰতি জিলাৰ কোভিড পৰিস্থিতি অনুসৰি জাৰি কৰিছে এই SOP, এই সময়ছোৱাত অত্যাৱশ্যকীয় সেৱাক ৰেহাই দিয়া হ'ব, আনহাতে, আন্তঃজিলা যাতায়াত বন্ধ থাকিব।

প্ৰতি জিলাৰ কোভিড পৰিস্থিতি অনুসৰি জাৰি কৰিছে এই SOP, এই সময়ছোৱাত অত্যাৱশ্যকীয় সেৱাক ৰেহাই দিয়া হ'ব, আনহাতে, আন্তঃজিলা যাতায়াত বন্ধ থাকিব।

  • Share this:

ৰাজ্য চৰকাৰে আজি ঘোষণা কৰিছে নতুন এছ অ' পি। এই এছ অ' পি ২৮ জুনৰ পুৱা ৫ বজাৰ পৰা কাৰ্যকৰী হ'ব। দুৰ্যোগ প্ৰশমন বিভাগে এই নিৰ্দেশনা ৰাজ্যৰ প্ৰতি জিলাৰ কোভিড পৰিস্থিতি অনুসৰি জাৰি কৰিছে।


কি আছে নতুন SOPত

(১) নতুন এছ অ' পি অনুসৰি– মৰিগাঁও, বিশ্বনাথ, গোৱালপাৰা জিলা আৰু বোকাখাত মহকুমাত ২৪ ঘণ্টাই সান্ধ্য আইন জাৰি কৰা হৈছে। সামগ্ৰিকভাৱে ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ থাকিব যদিও  গেলামাল–ফলমূল–গাখীৰৰ ব্যৱসায় সন্ধিয়া ৫ বজালৈ চলি থাকিব।অত্যাৱশ্যকীয় সেৱা এনে নিষেধাজ্ঞাৰ পৰা বাহিৰত থাকিব।


(২) দ্বিতীয়তে কোভিড সংক্ৰমণৰ হাৰ নিম্নগামী হোৱা জিলাসমূহত কাৰ্যালয় তথা দোকান-পোহাৰ ১ বজালৈ খোলা থকাৰ লগতে ২ বজাৰ পৰা সান্ধ্য আইন বলৱত হ'ব। এই জিলা তথা মহকুমাসমূহ হৈছে নলবাৰী, বাক্সা, বজালী, কামৰূপ (গ্ৰাম্য), দৰং, শোণিতপুৰ, নগাঁও, হোজাই, গোলাঘাত, সৰুপথাৰ( মহকুমা), যোৰহাট, শিৱসাগৰ, তিনিচুকীয়া, লখিমপুৰ, ধেমাজি, কাছাৰ, কৰিমগঞ্জ, কাৰ্বি আংলং আৰু ডিব্ৰুগড়।


(৩) ইয়াৰ উপৰি কোভিড সংক্ৰমণৰ প্ৰকোপ কিছু হ্ৰাস পোৱা জিলাসমূহত সন্ধিয়া ৫ বজাৰ পৰা পুৱা ৫ বজালৈ চলিব সান্ধ্য আইন। ইয়াত ৪ বজালৈ খোলা থাকিব দোকান–পোহাৰ। এই আওতাত পৰিব– কামৰূপ (মহানগৰ), দক্ষিণ শালমৰা, মাজুলী, বঙাইগাঁও, চিৰাং, ওদালগুৰি, পশ্চিম কাৰ্বি আংলং, ডিমা হাছাও, চৰাইদেও আৰু হাইলাকান্দি।


উল্লেখ্য, এই সময়ছোৱাত অত্যাৱশ্যকীয় সেৱাক ৰেহাই দিয়া হ'ব। আনহাতে, আন্তঃজিলা যাতায়াত বন্ধ থাকিব। কোভিড ভেকচিনৰ এটা ড'জ লোৱা কৰ্মচাৰীয়ে কাৰ্যালয়লৈ আহিব লাগিব। সকলো শিক্ষানুষ্ঠান বন্ধ থাকিব। গৰ্ভৱতী মহিলা আৰু ৫ বছৰৰ তলৰ শিশু থকা মাতৃয়ে কাৰ্যালয়লৈ নহাকৈ ঘৰৰ পৰা কাম কৰিব পাৰিব।

Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি