
কোভিড চেণ্টাৰটোত আজিৰে পৰা আৰম্ভ হ’ল চিকিৎসাৰ ব্যৱস্থা৷
কোভিড চেণ্টাৰটোত আজিৰে পৰা আৰম্ভ হ’ল চিকিৎসাৰ ব্যৱস্থা৷
গুৱাহাটীত দিনক দিনে বৃদ্ধি পোৱা কোভিড ৰোগীৰ চিকিৎসাৰ বাবে খানাপাৰাত নিৰ্মাণ কৰা হ’ল কোভিড কেয়াৰ চেণ্টাৰ ৷ ৯০০ বিছনাযুক্ত কোভিড চেণ্টাৰত আজিৰে পৰা আৰম্ভ হ’ল চিকিৎসাৰ ব্যৱস্থা৷ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, স্বাস্থ্য বিভাগৰ ৰাজ্যিক মন্ত্ৰী পীযূষ হাজৰিকাই আনুষ্ঠানিকভাৱে মুকলি কৰে চেণ্টাৰটো৷ বৰ্তমান ৫০জন ৰোগী তালৈ নিয়া হৈছে৷ নিশাৰ ভিতৰত আৰু ১০০ গৰাকী ৰোগী অনা হ’ব৷
তিনিদিনৰ ভিতৰত ভৰ্তি হ’ব চিকিৎসা চেণ্টাৰটো৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ৪০গৰাকী চিকিৎসক আৰু ১৫০গৰাকী নাৰ্ছ থাকিব এই চেণ্টাৰত৷ আনহাতে, এতিয়াৰ পৰা খানাপাৰা কোভিড চেণ্টাৰত হ’ব নমুনা পৰীক্ষা৷ লগতে গুৱাহাটীৰ মণিৰাম দেৱান ট্ৰেড চেণ্টাৰকে ধৰি চাৰিটা স্থান চিনাক্ত কৰি থৈছে প্ৰয়োজনত কোভিড চেণ্টাৰ নিৰ্মাণৰ বাবে৷ তদুপৰি ৰে’ল বিভাগৰ চিকিৎসালয়খনো কৰা হ’ব কোভিড হাস্পতাল৷
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|