মুখ্যপৃষ্ঠা » খবৰ

» অসম

»CM Press Meet: বুধবাৰৰ পৰা এইসমূহ জিলাত শিথিল হ'ব কোৰোণাৰ বিধি, গোলাঘাট, লখিমপুৰ সহ ৭ জিলাত অব্যাহত থাকিব লকডাউন

CM Press Meet: বুধবাৰৰ পৰা এইসমূহ জিলাত শিথিল হ'ব কোৰোণাৰ বিধি, গোলাঘাট, লখিমপুৰ সহ ৭ জিলাত অব্যাহত থাকিব লকডাউন

News18 Assam | News18-Assam
Updated:July 10, 2021, 5:53 PM IST
CM Press Meet: বুধবাৰৰ পৰা এইসমূহ জিলাত শিথিল হ'ব কোৰোণাৰ বিধি, গোলাঘাট, লখিমপুৰ সহ ৭ জিলাত অব্যাহত থাকিব লকডাউন
'বিয়লি ৪ বজাৰ পৰা জাৰি হ'ব সান্ধ্য আইন।

'বিয়লি ৪ বজাৰ পৰা জাৰি হ'ব সান্ধ্য আইন।

  • Share this:
ৰাজ্যৰ শেহতীয়া কোৰোণা পৰিস্থিতিৰ সন্দৰ্ভত শনিবাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল সম্বোধন কৰে। অহা বুধবাৰৰ পৰা ৰাজ্যৰ সাত খন জিলাক বাদ দি আনসমূহ জিলাত শিথিল হ'ব কোৰোণাৰ বিধি।

  • বিয়লি তিনি বজালৈকে খুলিব পাৰিব দোকান-পোহাৰ।


  • বিয়লি ৪ বজাৰ পৰা আৰম্ভ হ'ব সান্ধ্য আইন।


মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে যে, কোৰোণাৰ কেচ ১০০ৰ অধিক থাকিলে, সেই জিলাত কোনো ধৰণৰ নিষেধাজ্ঞা নাথাকিব। ইফালে গুৱাহাটী মহানগৰীত ২৫০ কেচ প্ৰতিদিনে ধৰা পৰিলে, নিষেধাজ্ঞা আৰোপ কৰা হ'ব।

৭ জন জিলাত কোৰোণাৰ পৰিস্থিতি উদ্বেগজনক

মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, 'উজনি অসম আৰু মধ্য অসমৰ ৭ জিলাত বৰ্তমান কোৰোণাৰ পৰিস্থিতি উদ্বেগজনক। উজনি আৰু উত্তৰ অসমৰ শোণিতপুৰ, লখিমপুৰ, যোৰহাট, গোলাঘাট,  ডিব্ৰুগড়, বিশ্বনাথৰ কোৰোণা পৰিস্থিতি উদ্বেগজনক।' সেইদৰে নগাওঁ আৰু মৰিগাওঁ জিলাৰো পৰিস্থিতিকলৈ ৰাজ্য চৰকাৰ চিন্তিত বুলি জনাই মুখ্যমন্ত্ৰীয়ে।

গতিকে এই কেইখন জিলা সম্পূৰ্ণ কণ্টেইনমেণ্ট জন হিচাপে থাকিব। আৰক্ষীকো কঠোৰ হ'বলৈ মুখ্যমন্ত্ৰীয়ে আহ্বান জনায়। আনহাতে জিলাকেইখনত কোৰোণাৰ সংক্ৰমণ বৃদ্ধিৰ অন্যতম কাৰণ চুলাই মদৰ ঘাটি বুলি নিশ্চিত কৰিছে প্ৰশাসনে। গতিকে এসপ্তাহৰ ভিতৰত সকলো চুলাই মদৰ ঘাটি উচ্ছেদ কৰিবলৈ নিৰ্দেশ দিছে ৰাজ্য চৰকাৰে। শনিবাৰে সংবাদমেলত এই কথাও জনাই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
Published by: Himangshu Bhuyan
First published: July 10, 2021, 5:27 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি