শিৱসাগৰ জিলাৰ সচিবপ্ৰধান হিচাপে বিষ্ণু শইকীয়া আৰু জিলা সভাপতি হিচাপে যদুমণি কলিতাক দায়িত্ব
শিৱসাগৰ জিলাৰ সচিবপ্ৰধান হিচাপে বিষ্ণু শইকীয়া আৰু জিলা সভাপতি হিচাপে যদুমণি কলিতাক দায়িত্ব
বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ তৃতীয়সংখ্যক চতুৰ্থ বাৰ্ষিক জিলা অধিৱেশনখন দেওবাৰে নাজিৰা এমচি ক্লাবত অনুষ্ঠিত হৈ যায়। নাজিৰা মহকুমা সমিতিৰ উদ্যোগত নাজিৰা মহকুমাৰ অন্তৰ্গত সমূহ আঞ্চলিক সমিতি আৰু নাজিৰাবাসী ৰাইজৰ সহযোগত অনুষ্ঠিত শিৱসাগৰ জিলা সমিতিৰ অধিৱেশনত সভাপতিত্ব কৰে ড০ জীৱন কলিতাই (Brihattar Asomiya Yuva Manch) ৷
দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত অধিৱেশনত নিশালৈ প্ৰতিনিধি সভা অনুষ্ঠিত হয়। উক্ত প্ৰতিনিধি সভাতে শিৱসাগৰ জিলাৰ সচিবপ্ৰধান হিচাপে বিষ্ণু শইকীয়া আৰু জিলা সভাপতি হিচাপে যদুমণি কলিতাক দায়িত্ব প্ৰদান কৰা হয়।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|