உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • New Bridge Over Brahmaputra: ব্ৰহ্মপুত্ৰৰ ওপৰত নতুন দলং ! বস্ত্ৰনগৰীৰ শুৱালকুছিৰ পৰা পলাশবাৰী সংযোগী নতুন দলং নিৰ্মাণলৈ কেন্দ্ৰৰ ৩০৯৪ কোটি টকা...

    New Bridge Over Brahmaputra: ব্ৰহ্মপুত্ৰৰ ওপৰত নতুন দলং ! বস্ত্ৰনগৰীৰ শুৱালকুছিৰ পৰা পলাশবাৰী সংযোগী নতুন দলং নিৰ্মাণলৈ কেন্দ্ৰৰ ৩০৯৪ কোটি টকা...

    Image: Twitter @nsitharamanoffc

    Image: Twitter @nsitharamanoffc

    মহাবাহু ব্ৰহ্মপুত্ৰৰ (Brahmaputra River) ওপৰত আৰু এখন নতুন দলং (Bridge) হ'ব। বস্ত্ৰনগৰী শুৱালকুছিৰ পৰা দক্ষিণ কামৰূপৰ পলাশবাৰীক সংযোগ কৰিব এই দলংখনে।

    • Share this:
    ভাল খবৰ। মহাবাহু ব্ৰহ্মপুত্ৰৰ (Brahmaputra River) ওপৰত আৰু এখন নতুন দলং (Bridge) হ'ব। বস্ত্ৰনগৰী শুৱালকুছিৰ পৰা দক্ষিণ কামৰূপৰ পলাশবাৰীক সংযোগ কৰিব এই দলংখনে।

    মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰযোগে এই কথা শ্বেয়াৰ কৰি কয় যে পলাশবাৰী আৰু শুৱালকুছিক সংযোগ কৰি ব্ৰহ্মপুত্ৰৰ ওপৰত এখন নতুন দলং নিৰ্মাণৰ বাবে ৩০৯৪ কোটি টকা অনুমোদন কৰাৰ বাবে কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনৰ প্ৰতি কৃতজ্ঞতা। দলংখনে গুৱাহাটী আৰু ইয়াৰ কাষৰীয়া জিলাসমূহৰ মাজৰ যাত্ৰাৰ সময় আৰু দূৰত্ব যথেষ্ট হ্ৰাস কৰিব।

    ইপিনে কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি অসমৰ ডিমা হাচাওৰ লংকুত ১২০ মেগাৱাট ল'ৱাৰ কপিলী জলবৈদ্যুতিক প্ৰকল্পৰ 'ভূমি পূজন' সম্পাদন কৰে। সীতাৰমণৰ সৈতে উপস্থিত থাকে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু শক্তি মন্ত্ৰী বিমল বৰা।
    Published by:Kokil Sarma
    First published: