হৃদয়বিদাৰক! শিৱসাগৰত ঠাণ্ডাত কঁপি কঁপি কান্দি থকা অৱস্থাত উদ্ধাৰ নৱজাতকক

কোনোৱে অবৈধ পিতৃ–মাতৃত্বৰ কলংক মচিবলৈ এইদৰে নৱজাতকটিক দলিয়াই থৈ যোৱা বুলি সন্দেহ কৰিছে ৰাইজে।

News18-Assam
Updated:October 23, 2019, 10:43 AM IST
হৃদয়বিদাৰক! শিৱসাগৰত ঠাণ্ডাত কঁপি কঁপি কান্দি থকা অৱস্থাত উদ্ধাৰ নৱজাতকক
কোনোৱে অবৈধ পিতৃ–মাতৃত্বৰ কলংক মচিবলৈ এইদৰে নৱজাতকটিক দলিয়াই থৈ যোৱা বুলি সন্দেহ কৰিছে ৰাইজে।
News18-Assam
Updated: October 23, 2019, 10:43 AM IST
কিমান নিষ্ঠুৰ হ’লে জন্মদাত্ৰী মাতৃয়ে নিজৰ তেজৰ সন্তানক পথৰ দাঁতিত দলিয়াই থৈ যাব পাৰে! কিমান কঠোৰ হৃদয়ৰ হ’লে ফুলৰ দৰে কোমল সন্তানক বুকুৰ পৰা বিচ্ছিন্ন কৰিব পাৰে! তেনে এক হৃদয়বিদাৰক ঘটনাই সংঘটিত হ’ল শিৱসাগৰৰ নামতিত।

পথৰ দাঁতিত এটা মোনাত ভৰাই থোৱা অৱস্থাত উদ্ধাৰ হ’ল এটি নৱজাতক। গণক গাঁৱত পথৰ দাঁতিত ঠাণ্ডাত কঁপি কঁপি কান্দি থকা নৱজাতকটিক প্ৰত্যক্ষ কৰি উদ্ধাৰ কৰে এগৰাকী শিক্ষয়িত্ৰীয়ে।

কোনোৱে অবৈধ পিতৃ–মাতৃত্বৰ কলংক মচিবলৈ এইদৰে নৱজাতকটিক দলিয়াই থৈ যোৱা বুলি সন্দেহ কৰিছে ৰাইজে। স্থানীয় লোকে নৱজাতকটিক কালুগাঁও প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱাইছে।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি