নগাঁৱত মোনাত ভৰাই নামঘৰৰ গে’টত ওলমাই থৈ গ’ল নৱজাতকক

গৰ্কী মহন্ত নামৰ এগৰাকী লোকে ঘৰলৈ গৈ থকা অৱস্থাত ৰত্নপুৰ নামঘৰৰ সন্মুখত এটি শিশুৰ ক্ৰন্দন শুনিবলৈ পায়।

News18-Assam
Updated:September 10, 2019, 8:10 AM IST
নগাঁৱত মোনাত ভৰাই নামঘৰৰ গে’টত ওলমাই থৈ গ’ল নৱজাতকক
গৰ্কী মহন্ত নামৰ এগৰাকী লোকে ঘৰলৈ গৈ থকা অৱস্থাত ৰত্নপুৰ নামঘৰৰ সন্মুখত এটি শিশুৰ ক্ৰন্দন শুনিবলৈ পায়।
News18-Assam
Updated: September 10, 2019, 8:10 AM IST
নীলোৎপল বৰা : নামঘৰৰ গে’টত এটা মোনাৰ ভিতৰত কোনো লোকে এৰি থৈ গ’ল এটি নৱজাতকক। নগাঁও চহৰৰ ৰত্নপুৰ নামঘৰৰ বাটচ’ৰাত এটি নৱজাতক উদ্ধাৰ হোৱা ঘটনাই সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। গৰ্কী মহন্ত নামৰ এগৰাকী লোকে ঘৰলৈ গৈ থকা অৱস্থাত ৰত্নপুৰ নামঘৰৰ সন্মুখত এটি শিশুৰ ক্ৰন্দন শুনিবলৈ পায়। মহন্তই নামঘৰৰ বাটচ’ৰাৰ লোহাৰ গে’টত ওলমি থকা এটা মোনাৰ ভিতৰত প্ৰত্যক্ষ কৰে নৱজাতকটি।

ইয়াৰ পিছত নগাঁৱৰ ইটাচালী টাউন আৰক্ষীৰ সহযোগত শিশুটিক ততাতৈয়াকৈ ম’হখুলি চিকিৎসালয়লৈ লৈ যায় গৰ্কী মহন্তই। বৰ্তমান শিশুটি ম’হখুলি চৰকাৰী চিকিৎসালয়ৰ বেবী আই চি ইউত চিকিৎসাধীন অৱস্থাত আছে। শিশুটিৰ পিতৃ-মাতৃ সন্দৰ্ভত বৰ্তমানলৈকে কোনো তথ্য পোহৰলৈ অহা নাই।
NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি