বাগিচাৰ মাজেৰে যোৱা ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে থকা হাবিৰ পৰা কেচুৱাৰ ক্ৰন্দনৰ শব্দ শুনে স্থানীয় একাংশ মহিলাই।
বাগিচাৰ মাজেৰে যোৱা ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে থকা হাবিৰ পৰা কেচুৱাৰ ক্ৰন্দনৰ শব্দ শুনে স্থানীয় একাংশ মহিলাই।
জীৱশ্ৰেষ্ঠৰ নিষ্ঠুৰ কাণ্ড। জন্মৰ মাত্ৰ দুদিন পিছতে হাবিৰ মাজত দলিয়াই থৈ গ’ল নৱজাতকক। মানৱ সমাজক লজ্জানত কৰা এই ঘটনা সংঘঠিত হৈছে হাইলাকান্দি জিলাৰ কাটলিছেৰা বিধানসভা সমষ্টিৰ সোলতানি চাহ বাগিচা অঞ্চল। বাগিচাৰ মাজেৰে যোৱা ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে থকা হাবিৰ পৰা কেচুৱাৰ ক্ৰন্দনৰ শব্দ শুনে স্থানীয় একাংশ মহিলাই। কান্দোনৰ শব্দ অনুসৰণ কৰি হাবিত উদ্ধাৰ কৰে কন্যা শিশুটিক। লগে লগে শিশুটিক হাস্পতালত ভৰ্তি কৰোৱাৰ লগতে খবৰ দিয়ে আৰক্ষীক।
চিকিৎসালয়ত কৰ্তব্যৰত স্বাস্থ্যকৰ্মীয়ে প্ৰাথমিক চিকিৎসাৰ পিছতে শিশুটি সুস্থ আছে বুলি জনায়। ইপিনে, আৰক্ষী আহি খবৰ দিয়ে চাইল্ড লাইনক। বৰ্তমানে চাইল্ড লাইনৰ কৰ্মীসকলে কেচুৱাটোক নিজ জিম্মাত লৈছে। জানিব পৰা মতে, উদ্ধাৰ হোৱা শিশুটিৰ বয়স ২ দিন মাত্ৰ।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|