বিদ্যাপুৰ আৰক্ষী চকীৰ নানকাৰগাঁৱৰ বিনয় সূত্ৰধৰৰ সন্তানটি নিশা ৰহস্যজনকভাৱে সন্ধানহীন হৈছিল৷
বিদ্যাপুৰ আৰক্ষী চকীৰ নানকাৰগাঁৱৰ বিনয় সূত্ৰধৰৰ সন্তানটি নিশা ৰহস্যজনকভাৱে সন্ধানহীন হৈছিল৷
অৱশেষত খাৱৈত উদ্ধাৰ হ’ল বঙাইগাঁৱৰ বিদ্যাপুৰত নিশা চুৰি হোৱা ১৮ দিনীয়া দেৱশিশুৰ মৃতদেহ৷ নিজ ঘৰৰ পৰা নতিদূৰৈত থকা খাৱৈ এটাৰ পৰা উদ্ধাৰ হৈছে কেঁচুৱাটিৰ মৃতদেহ৷ পানীত ওপঙি ঠকা অৱস্থাত কণমাণি কেচুৱাটিৰ মৃতদেহ উদ্ধাৰ হয়৷ গৰু বান্ধিবলৈ যোৱা একাংশ লোকে মৃতদেহটো প্ৰত্যক্ষ কৰে মৃত শিশুটি।
ইতিমধ্যে আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে৷ বিদ্যাপুৰ আৰক্ষী চকীৰ নানকাৰগাঁৱৰ বিনয় সূত্ৰধৰৰ সন্তানটি নিশা ৰহস্যজনকভাৱে সন্ধানহীন হৈছিল৷ ভাত পানী খাই নিশা মাকৰ সৈতে শুই থকাৰ সময়তে অন্তৰ্ধান হৈছিল কেঁচুৱাটি। মাজনিশা মাকে সাৰ পাই নিজ সন্তানক দেখা নাপাই চিঞৰ- বাখৰ আৰম্ভ কৰিছিল৷ দেৱ শিশুটিক টোপনি অৱস্থাতে মাকৰ বুকুৰ পৰা কাঢ়ি আনি এইদৰে খাৱৈত পেলাই অতি নৃশংসতাৰে হত্যা কৰা ঘটনাই সৰ্ৱত্ৰে চাঞ্চল্যৰ সৃষ্টি কৰিছে।
ইফালে নিজৰ কণমাণি কেচুৱাটিৰ মৃতদেহ উদ্ধাৰৰ খবৰ পাই কান্দোনত ভাঙি পৰিছে পৰিয়ালটো৷ ইতিমধ্যে মাতৃ চেফালী সূত্ৰধৰৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ ফলত চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। ঘটনাৰ আঁৰত কোন জড়িত সেয়া বৰ্তমানলৈ পোহৰলৈ অহা নাই৷ স্থানীয় ৰাইজে হত্যাকাৰীক শীঘ্ৰে কৰায়ত্ত কৰাৰ বাবে আৰক্ষীক দাবী জনাইছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|