মুখ্যপৃষ্ঠা » খবৰ

» অসম

»সমাধিস্থ কৰাৰ ৭ দিনৰ পিছত আৰক্ষীয়ে খান্দি উলিয়ালে এটা নৱজাতকৰ মৃতদেহ, কি হৈছিল বিশ্বনাথত?

সমাধিস্থ কৰাৰ ৭ দিনৰ পিছত আৰক্ষীয়ে খান্দি উলিয়ালে এটা নৱজাতকৰ মৃতদেহ, কি হৈছিল বিশ্বনাথত?

News18 Assam | News18-Assam
Updated:October 12, 2020, 6:28 PM IST
সমাধিস্থ কৰাৰ ৭ দিনৰ পিছত আৰক্ষীয়ে খান্দি উলিয়ালে এটা নৱজাতকৰ মৃতদেহ, কি হৈছিল বিশ্বনাথত?
প্ৰতীকী ফটো

মৃত নৱজাতকৰ পৰিয়ালৰ স্পষ্ট অভিযোগ যে চিকিৎসালয় কৰ্তৃপক্ষৰ চৰম গাফিলতিৰ ফলত মৃত্যুক সাবটিব লগীয়া হ’ল নৱজাতক সন্তানটিয়ে।

  • Share this:
বিশ্বনাথৰ ফলফলি শ্মশানত ৫ অক্টোবৰত সমাধিস্থ কৰা হৈছিল এটি নৱজাতকৰ মৃতদেহ। উল্লেখ্য যে যোৱা ৩ অক্টোবৰ তাৰিখে বিশ্বনাথৰ পেটুলিবাৰী গাঁৱৰ ভোলা যাদৱৰ পত্নী দিবজ্যোতি যাদৱক প্ৰসৱজনিত কাৰণত ভৰ্তি কৰাইছিল বিশ্বনাথৰ কে পি মেম’ৰিয়েল নামৰ এখন ব্যক্তিগত নাৰ্ছিং হোমত।

৪ অক্টোবৰৰ সন্ধিয়া প্ৰসূতিগৰাকীক কে পি মেমৰিয়েলৰ স্বত্বাধিকাৰ তথা চিকিৎসক ডাঃ অমল শইকীয়াই অস্ত্ৰোপচাৰ কৰে যদিও নৱজাতক শিশুটিৰ মৃত্যু হোৱা বুলি চিকিৎসকগৰাকীয়ে অভিভাবকক জানিবলৈ দিয়ে। তাৰ পিছতে আৰম্ভ হয় মৃত শিশুটিৰ পৰিয়াল আৰু আৰু চিকিৎসকৰ মাজত অভিযোগ–প্ৰতিঅভিযোগৰ যুদ্ধ।

মৃত নৱজাতকৰ পৰিয়ালৰ স্পষ্ট অভিযোগ যে চিকিৎসালয় কৰ্তৃপক্ষৰ চৰম গাফিলতিৰ ফলত মৃত্যুক সাবটিব লগীয়া হ’ল নৱজাতক সন্তানটিয়ে। পৰিয়ালৰ সন্দেহ, নৱজাতক সন্তানটি জন্মৰ পিছত গাত গৰম পানী পৰাৰ বাবে মৃত্যু হৈছে। ভুক্তভোগী পৰিয়ালে বিশ্বনাথৰ  আৰক্ষী থানত এক এজাহাৰ দাখিল কৰে কে পি মেম’ৰিয়েলৰ চিকিৎসক ডাঃ অমল শইকীয়াৰ বিৰুদ্ধে। যাৰ ভিত্তিত মৃত শিশুটিক আজি এইদৰে ফলফলিৰ শ্মশানৰ পৰা  বিশ্বনাথ আৰক্ষীয়ে জিলা কাৰ্যবাহী দণ্ডাধীশৰ উপস্থিতিত খান্দি উলিয়াই আৰু মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।

আনফালে কে পি মেমৰিয়েলৰ চিকিৎসক ডঃ অমল শইকীয়াই ভুক্তভোগী পৰিয়ালৰ সম্পূৰ্ণ অভিযোগ নসাৎ কৰি কয় যে নৱজাতকটি মাকৰ পেটতে মৃত অৱস্থাত আছিল আৰু নৱজাতকটি মাকৰ পেটত থকা অৱস্থাত ডিঙিত নাভি পাক খাই থকাৰ উপৰি মাতৃৰ পেটত থাকিব লগীয়া পানীৰ পৰিমাণ কম থকাৰ বাবে মৃত্যুক আঁকোৱালি ল’বলগীয়া হ’ল।

এতিয়া কোন সঁচা কোন মিছা, এই সমগ্ৰ ঘটনা পোহৰলৈ আহিব মৃত নৱজাতকটিৰ মৰণোত্তৰ পৰীক্ষাৰ পিছতহে। কিন্তু ঘটনাই সমগ্ৰ বিশ্বনাথত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
Published by: Sanjay Kumar Das
First published: October 12, 2020, 6:26 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি