সোণাৰি নগৰৰ পাৰ্শ্বৱৰ্তী শিঙৰীতলি গাঁৱত এটা নৱজাতকৰ মৃতদেহক কেন্দ্ৰ কৰি ৰাইজৰ মাজত চাঞ্চল্য সৃষ্টি হৈছে। ৰূপণ গগৈ নামৰ দিন হাজিৰা কৰা লোকজনৰ পত্নীয়ে মঙলবাৰে ওৰেদিন ঘৰৰ চোতালত এটা গাঁত খান্দি সন্ধিয়া গাঁতটোৰ ওপৰত কিছুমান খৰি পেলাই থোৱা ঘটনাই স্থানীয় ৰাইজৰ মাজত সন্দেহ জন্মোৱাত ৰাইজে গাঁতটোৰ খৰি আঁতৰাই অনুসন্ধান চলোৱাত গাঁতটোৰ ভিতৰত এটি সদ্যোজাত পুত্ৰ সন্তানৰ মৃতদেহ উদ্ধাৰ হয়। এই বিষয়ে মহিলাগৰাকীক ৰাইজে সোধা–পোছা কৰাত মহিলাগৰাকীয়ে মৃত সন্তান প্ৰসৱ কৰা হেতুকে সন্তানটি গাঁত খান্দি পুতি থোৱা বুলি সদৰী কৰাৰ বিপৰীতে স্বামীয়ে তেওঁৰ পত্নী অন্তঃসত্বা যে আছিল সেই বিষয়ত অজ্ঞতা প্ৰকাশ কৰাত বিষয়টোৱে ৰাইজৰ মাজত চাঞ্চল্যৰ সৃষ্টি কৰে।
পৰৱৰ্তী সময়ত লোকজনে টাউকাক নৈৰ পাৰত মৃত শিশুটি পুতি থয় যদিও বিষয়টো আৰক্ষীৰ দৃষ্টিগোচৰ হোৱাত স্বামী–স্ত্ৰীক আৰক্ষীয়ে নিজৰ জিম্মালৈ নিয়ে। দুই পুত্ৰ সন্তানৰ পিতৃৃমাতৃহালে পুনৰ পুত্ৰ সন্তান জন্ম হোৱাৰ বাবে নৱজাতকটোক হত্যা কৰিব পাৰে বুলি ৰাইজে সন্দেহ প্ৰকাশ কৰাৰ বিপৰীতে স্বামীয়ে নিজৰ পত্নী অন্তঃসত্ত্বা হোৱাৰ বিষয়ে অজ্ঞতা প্ৰকাশ কৰালৈ চাই মহিলাগৰাকীয়ে কোনো লোকৰ সৈতে অবৈধ সম্পৰ্কৰ ফলতে সন্তানটো জন্ম দিয়াৰ অভিযোগ উঠিছে।
ৰাইজে আৰক্ষীৰ অনুসন্ধান বিচাৰি সমগ্ৰ দিশটো পোহৰলৈ আনিবৰ বাবে আৰক্ষী–প্ৰশাসনক অনুৰোধ জনোৱাত সোণাৰি আৰক্ষীয়ে স্বামী–স্ত্ৰীক আটক কৰি অনুসন্ধান অব্যাহত ৰাখিছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|