• Home
  • »
  • News
  • »
  • assam
  • »
  • কাইলৈ ব'হাগৰ ১ তাৰিখ! নতুন অসমীয়া বছৰ কিদৰে পাৰ হ'ব আপোনাৰ? বৰ্ষচক্ৰ গণনা কৰিবনে?

কাইলৈ ব'হাগৰ ১ তাৰিখ! নতুন অসমীয়া বছৰ কিদৰে পাৰ হ'ব আপোনাৰ? বৰ্ষচক্ৰ গণনা কৰিবনে?

অসমীয়া নতুন বছৰৰ আৰম্ভণিতে অধিকাংশ লোকে আগ্ৰহেৰে বাট চাই ৰয় এইখন বিশেষ অসমীয়া কেলেণ্ডাৰ তথা দেৱাল পঞ্জিকালৈ।

অসমীয়া নতুন বছৰৰ আৰম্ভণিতে অধিকাংশ লোকে আগ্ৰহেৰে বাট চাই ৰয় এইখন বিশেষ অসমীয়া কেলেণ্ডাৰ তথা দেৱাল পঞ্জিকালৈ।

অসমীয়া নতুন বছৰৰ আৰম্ভণিতে অধিকাংশ লোকে আগ্ৰহেৰে বাট চাই ৰয় এইখন বিশেষ অসমীয়া কেলেণ্ডাৰ তথা দেৱাল পঞ্জিকালৈ।

  • Share this:
আজি গৰু বিহু। আৰু কাইলৈ ১ ব'হাগ অর্থাৎ মানুহৰ বিহু। প্ৰতিবছৰৰ দৰে  ৰঙালী বিহুৰ পূৰ্বে এইবছৰো প্ৰকাশ পালে বহু প্ৰতিক্ষিত অসমীয়া কেলেণ্ডাৰ তথা দেৱাল পঞ্জীকা বৰকটকী কেলেণ্ডাৰ। অসমৰ লাখ লাখ পৰিয়ালৰ দেৱালত ওলোমাই ৰখা এই দেৱাল পঞ্জীকা অনুসৰি বহুখিনি নীতি-নিয়ম পালন কৰা হয়। এই দেৱাল পঞ্জীকাখন ন ন উপকৰণেৰে ডিজিটেল ৰূপটো উপলব্ধ কৰোৱাৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ ফলত হাতৰ মুঠিতে উপলব্ধ হৈছে প্ৰতিটো দিনৰ প্ৰয়োজনীয় তথ্যসমূহ ।

অসমীয়া নতুন বছৰৰ আৰম্ভণিতে অধিকাংশ লোকে আগ্ৰহেৰে বাট চাই ৰয় এইখন বিশেষ অসমীয়া কেলেণ্ডাৰ তথা দেৱাল পঞ্জিকালৈ। উজনি অসমৰ লাখ লাখ পৰিয়ালৰ মাজত অতিকৈ জনপ্ৰিয় বৰকটকী কোম্পানীৰ কেলেণ্ডাৰখন। সাধাৰণতে প্ৰতি বছৰে মাৰ্চৰ শেষৰ সপ্তাহটোৰ পৰাই বজাৰ উপচি পৰে এই জনপ্ৰিয় অসমীয়া দেৱাল পঞ্জিকাখন।



উল্লেখ্য , নতুন বছৰত বৰ্ষচক্ৰ গণনাৰ বাবেও বহু লোকে এই কেলেণ্ডাৰখনৰ ওপৰত নিৰ্ভৰ কৰে। কেলেণ্ডাৰখনত প্ৰতিটো তাৰিখেৰে জড়িত বহুখিনি তথ্য সন্নিবিষ্ট থাকে। কৃষকসকলৰ হালজোৰা , গুটি সিচা সময় পৰ্যন্ত আগবঢ়াই আহিছে এই কেলেণ্ডাৰখনে।

আনহাতে বৰকটকী কোম্পানীৰ স্বত্বাধিকাৰীয়ে এই কেলেণ্ডাৰখন ডিজিটেল ৰূপটো প্ৰকাশ কৰি আহিছে। ইয়াৰ বাবে এই দেৱাল পঞ্জিকাখনৰ এটি অসমীয়া মোবাইল এপ মুকলি কৰা হৈছে। এনড্ৰইড প্লেটফৰ্মৰ লগতে আই অ এছ প্লেটফৰ্মটো উপলব্ধ এই এপটো। এই ডিজিটেল পঞ্জিকাখনত প্ৰতিটো দিনৰ ৰাহুকাল আৰু ব্ৰহ্মকালৰ সময় সন্নিবিষ্ট কৰা হৈছে। বৰকটকী কোম্পানীৰ জয়ন্ত শৰ্মাই জানিবলৈ দিয়া মতে এই এপৰ জৰিয়তে দৈনিক সকলো তিথি , মাঙ্গলিক অনুষ্ঠানসমূহৰ সময়ৰ লগতে গুৰুত্বপূৰ্ণ তিথিসমূহৰ ক্ষেত্ৰত আগতীয়া জাননীয়ো লাভ কৰিব পৰা যায়। বিগত বৰ্ষত এই এপটো হেকাৰে হেক কৰি সমস্ত তথ্য ডিলিট কৰি পেলাইছিল যদিও এইবাৰ পুনৰ নতুন ৰূপত এপটো মুকলি কৰা হৈছে ।
Published by:Himangshu Bhuyan
First published: