নতুন চমক দিবলৈ ছবিগৃহলৈ আহি আছে যতীন বৰাৰ ছবি ‘ৰত্নাকৰ’

নতুন ৰূপত যতীন বৰা, যতীন বৰা আৰু নৱনীতা শৰ্মা বৰাৰ জীৱনজোৰা প্ৰচেষ্টাৰ ফচল ‘ৰত্নাকৰ’

news18assam
Updated:April 16, 2019, 12:20 PM IST
নতুন চমক দিবলৈ ছবিগৃহলৈ আহি আছে যতীন বৰাৰ ছবি ‘ৰত্নাকৰ’
নতুন ৰূপত যতীন বৰা, যতীন বৰা আৰু নৱনীতা শৰ্মা বৰাৰ জীৱনজোৰা প্ৰচেষ্টাৰ ফচল ‘ৰত্নাকৰ’
news18assam
Updated: April 16, 2019, 12:20 PM IST
News18 অসম : শীঘ্ৰেই ছবিগৃহলৈ আহিব জনপ্ৰিয় অভিনেতা যতীন বৰাৰ ছবি ‘ৰত্নাকৰ’। যতীন বৰা আৰু নৱনীতা শৰ্মা বৰাৰ জীৱনজোৰা প্ৰচেষ্টাৰ ফচল ‘ৰত্নাকৰ’। ইতিমধ্যে মুকলি কৰা হৈছে ছবিখনৰ প্ৰথমটো টিজাৰ। ছবিখন পৰিচালনা কৰিছে যতীন বৰাই আৰু প্ৰযোজনা নৱনীতা শৰ্মা বৰাৰ।

‘ৰত্নাকৰ’ত যতীন বৰাক এক নতুন ৰূপত দেখিবলৈ পাব দৰ্শকে। জে বি প্ৰডাকচনৰ বেনাৰত নিৰ্মিত ছবিখনৰ সংগীত পৰিচনা কৰিছে জুবিন গাৰ্গে। ছবিখনৰ গীতসমূহ লিখিছে জুবিন গাৰ্গ, শশাংক সমীৰ আৰু ৰাহুল গৌতম শৰ্মাই। কাহিনী, চিত্ৰনাট্য আৰু সংলাপ অভিজিৎ ভট্টাচাৰ্যৰ। একচন, ৰোমাঞ্চ, কমেডী আদি মনোৰঞ্জনৰ সকলো উপাদানেৰে ভৰপূৰ হ’ব ‘ৰত্নাকৰ’।

Jatin Bora and Nabanita


এক সুন্দৰ কাহিনীৰে আগবঢ়া ছবিখনৰ একশ্যনৰ ক্ষেত্ৰত দেখিবলৈ পোৱা যাব বহু নতুনত্ব। একশ্যন ডিৰেক্টৰ হিচাপে আছে দাক্ষিণাত্যৰ প্ৰসিদ্ধ নিৰ্দেশক ৰাজেশ খানান। অসমীয়া ছবিৰ দুৰ্যোগৰ সময়তে জুবিন গাৰ্গৰ ‘মিছন চাইনা’ নামৰ ছবিখনে এক নতুন জোৱাৰ আনিবলৈ সক্ষম হৈছিল। দৰ্শকক এক নতুন সোৱাদ দিছিল ‘মিছন চাইনা’ই। অৱশ্যে অসমীয়া ছবি জগতত আছে পূৰ্বৰ বহু ছুপাৰহিট ছবি।

‘ৰত্নাকৰ’ ছবিখনে ছবিপ্ৰেমী দৰ্শকক এক নতুন সোৱাদ দিব বুলি আশাবাদী যতীন বৰা। দীৰ্ঘদিনীয়া প্ৰচেষ্টাৰে নিৰ্মাণ কৰি উলিওৱা ছবিখন দৰ্শকে আঁকোৱালি ল’ব বুলিও আশা প্ৰকাশ কৰে অভিনেতাগৰাকীয়ে।

উল্লেখযোগ্য যে পৰিচালনাক হিচাপে যতীন বৰাৰ এয়া প্ৰথম খোজ। এখন ব্যতিক্ৰমী ছবিৰে অভিষেক ঘটোৱাৰ পৰিকল্পনা কৰিছে অভিনেতাগৰাকীয়ে। ইতিমধ্যে অসমীয়া ছবি জগতত বহু হিট ছবিৰে দৰ্শকৰ হৃদয়ত স্থান লাভ কৰিবলৈ সক্ষম হৈছে যতীন বৰাই। সেয়েহে যতীন বৰাৰ চিনেমা বহু ক’লে স্বাভাৱিকতে দৰ্শকৰ এক আকৰ্ষণ থাকিব। যতীন বৰাই আশা কৰা ধৰণে অসমবাসীয়েও বাট চাইছে এখন ভাল ছবিৰ বাবে। ‘ৰত্নাকৰ’–এ ছবিপ্ৰেমীসকলক নিশ্চয়কৈ এক সুকীয়া আমেজ দিব বুলি আমিও আশাবাদী।
আৰু চাওক পৰৱৰ্তী বাতৰি