உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • ৰিপুণ বৰাৰ চৰণ চুই আশীৰ্বাদ ল’লে প্ৰদেশ কংগ্ৰেছৰ নতুন সভাপতি ভূপেন বৰাই, ৰিপুণ বৰাই কি পৰামৰ্শ দিলে ভূপেন বৰাক?

    ৰিপুণ বৰাৰ চৰণ চুই আশীৰ্বাদ ল’লে প্ৰদেশ কংগ্ৰেছৰ নতুন সভাপতি ভূপেন বৰাই, ৰিপুণ বৰাই কি পৰামৰ্শ দিলে ভূপেন বৰাক?

    নতুন সভাপতিৰ নাম ঘোষণা কৰাৰ এটা দিন পিছতে দেওবাৰে প্ৰাক্তন সভাপতি ৰিপুণ বৰাৰ গৃহত উপস্থিত হয় নতুন সভাপতি ভূপেন বৰা৷

    নতুন সভাপতিৰ নাম ঘোষণা কৰাৰ এটা দিন পিছতে দেওবাৰে প্ৰাক্তন সভাপতি ৰিপুণ বৰাৰ গৃহত উপস্থিত হয় নতুন সভাপতি ভূপেন বৰা৷

    নতুন সভাপতিৰ নাম ঘোষণা কৰাৰ এটা দিন পিছতে দেওবাৰে প্ৰাক্তন সভাপতি ৰিপুণ বৰাৰ গৃহত উপস্থিত হয় নতুন সভাপতি ভূপেন বৰা৷

    • Share this:
    সলনি হ’ল অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি৷ প্ৰদেশ কংগ্ৰছৰ নতুন সভাপতিৰ দায়িত্বত বিহপুৰীয়া প্ৰাক্তন বিধায়ক ভূপেন বৰা৷ এদিন পূৰ্বে নিখিল ভাৰত কংগ্ৰেছ কমিটীয়ে ঘোষণা কৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ নাম৷ নতুন সভাপতিৰ নাম ঘোষণা কৰাৰ এটা দিন পিছতে দেওবাৰে প্ৰাক্তন সভাপতি ৰিপুণ বৰাৰ গৃহত উপস্থিত হয় নতুন সভাপতি ভূপেন বৰা৷

    দলীয় দায়িত্ব গ্ৰহণৰ পূৰ্বে প্ৰাক্তন সভাপতিৰ চৰণ চুই আশীৰ্বাদ ল’লে ভূপেন বৰাই৷ ভূপেন বৰাৰ নেতৃত্বত কংগ্ৰেছে নতুনত্ব তথা সুদৃঢ় সাংগঠনিক ভেটি লাভ কৰিব বুলি আশা ৰিপুণ বৰাৰ৷ লগতে নতুন সভাপতিলৈ ৰিপুণ বৰাৰ পৰামৰ্শ, দলৰ সাংগঠনিক ভেটি শক্তিশালী কৰিবলৈ দলত নতুন মানুহ যোগদান কৰাওক৷ নৱ প্ৰজন্মক দল মজিয়াত আগস্থান দিয়াটো হ’ব অন্যতম কাম৷

    উল্লেখ্য যে ২০১৬ চনৰ পৰা দীৰ্ঘসময় সভাপতিৰ আসনত থকা ৰিপুণ বৰাই স্বীকাৰ নকৰে দলীয় পৰাজয়৷ বিপৰীতে বেয়াৰ মাজতো কংগ্ৰেছে বহু ভাল ফলাফল দিয়া বুলি দাবী৷ আনকি শেহতীয়া নিৰ্বাচনত অখিল গগৈ একেলগ হ’লে ৰাজ্যত কংগ্ৰেছ চৰকাৰ গঠন হ’লহেঁতেন বুলি মন্তব্য কৰে ৰিপুণ বৰাই৷ ৰিপুণ বৰাৰ সময়ৰ পৰা কংগ্ৰেছত দেখা দিয়া ভাঙোন, বিভাজন প্ৰসংগক লৈ প্ৰাক্তন সভাপতিগৰাকীৰ মত, সময়ে সময়ে আদৰ্শহীন একাংশ লোক আহিছে কংগ্ৰেছত৷ যিসকলৰ নাই আদৰ্শ৷ আৰু তেনে লোক আঁতৰি গৈছে বুলি গুৰুত্বপূৰ্ণ মন্তব্য ৰিপুণ বৰাৰ৷
    Published by:Sanjay Kumar Das
    First published: