সোমবাৰে পৰাক্ৰম দিৱস তথা নেতাজীৰ ১২৬ সংখ্যক জন্ম দিৱস উপলক্ষে পাহাৰীয়া ডিমা হাছাও জিলাৰ সদৰ হাফলঙৰ মাজমজিয়াত আজাদ হিন্দ ফৌজৰ সৰ্বাধিনায়ক নেতাজী সুভাষ চন্দ্ৰ বসুৰ ব্ৰঞ্জৰ মূৰ্তিৰ আবৰণ উন্মোচন কৰে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য় কাৰ্যবাহী সদস্য় দেব'লাল গৰ্লচায়।
এই অনুষ্ঠানত উপস্থিত থাকে পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ অধ্য়ক্ষ ৰাণু লাংঠাছা, পৰিষদ সদস্য লিটন চক্ৰৱৰ্তী, ডিমা হাছাও জিলাৰ আৰক্ষী অধীক্ষক মায়ঙ্ক কুমাৰ, পৰিষদৰ প্ৰধান সচিব মুকুট কেম্প্ৰাই আদি। উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ উদ্যোগত এই মূৰ্তি স্থাপন কৰা হয়।
মুখ্য় কাৰ্যবাহী সদস্য় দেব'লাল গৰ্লচায় তেওঁৰ বক্তব্যত কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্তবিশ্ব শৰ্মাৰ আশীৰ্বাদতহে হাফলঙত নেতাজীৰ এই প্ৰতিমূৰ্তি স্থাপন কৰা সম্ভৱ হৈছে। তেওঁ কয়, "নেতাজী সুভাষচন্দ্ৰ বসু ভাৰতৰ স্বাধীনতা আন্দোলনৰ অন্যতম বিপ্লৱী আছিল। তেওঁৰ দৌলততহে আজি আমি স্বাধীন ভাৱে আছো।"
উল্লেখযোগ্য় যে দীৰ্ঘ প্ৰায় এটা বছৰৰ পৰা হাফলঙত নেতাজী সুভাষ চন্দ্ৰ বসুৰ প্ৰতিমূৰ্তি স্থাপনৰ বাৱে যো-জা চলি আছিল। শেহতীয়াকৈ হাফলং টেক্সী ষ্টেণ্ডত মহান বিপ্লৱী গৰাকীৰ জন্মদিৱসৰ দিনা প্ৰতিমূৰ্তি উন্মোচন কৰিবলৈ সক্ষম হয় মুখ্য় কাৰ্যবাহী সদস্য় গৰ্লোছায়।
এই প্ৰতিমূৰ্তি নিৰ্মাণৰ বাবে বিশ লাখ টকা পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদে অনুদান দিয়ে। আজি নেতাজীৰ প্ৰতিমূৰ্তি উন্মোচন অনুষ্ঠান উপলক্ষে হাফলঙত যথেষ্ট লোক গোট খোৱা পৰিলক্ষিত হয়। লগতে দেশপ্ৰেমমূলক সংগীত পৰিবেশনৰ উপৰি মুখ্য় কাৰ্যবাহী সদস্য় দেৱ'লাল গৰ্লচায় আজাদ হিন্দ ফৌজৰ পতাকা উত্তোলন কৰি ৰাইজৰ উদ্দেশ্যে ভাষণ প্ৰদান কৰে। ডিমা হাছাও জিলাত ইয়াৰ আগতে জাতিঙ্গাত নেতাজী সুভাষ চন্দ্ৰ বসুৰ আৱক্ষ মূৰ্তি থকাৰ উপৰি এইবাৰ হাফলঙত দ্বিতীয়টো মূৰ্তি স্থাপন কৰা হয়।।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|