Netaji Birthday Celebration: সোণাৰিত নেতাজীৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰে চৰাইদেউ জিলাৰ উপায়ুক্ত পল বৰুৱাই
Netaji Birthday Celebration: সোণাৰিত নেতাজীৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰে চৰাইদেউ জিলাৰ উপায়ুক্ত পল বৰুৱাই
সমগ্ৰ দেশৰ লগতে সোণাৰিতো আজি সোণাৰি নেতাজী সংঘৰ উদ্যোগত নেতাজী সুভাষ চন্দ্ৰ বসু (Netaji Subhash Chandra Bose)ৰ ১২৫ সংখ্যক জন্ম জয়ন্তী (Netaji Birthday Celebration) সম্পূৰ্ণ ক'ভিড প্ৰটকল মানি উদযাপন কৰা হয় । এই উপলক্ষে আজি সোণাৰি নগৰৰ নেতাজীৰ প্ৰতিমূৰ্তিস্থলীত পুৱা ৯ বজাত পতাকা উত্তোলন, ১১ বজাত নেতাজীৰ প্ৰতিমূৰ্তি মাল্যাৰ্পণ কাৰ্য্যসূচীৰে উদযাপন কৰা হয়।
নেতাজীৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰে চৰাইদেউ জিলাৰ উপায়ুক্ত পল বৰুৱাই,বন্তি প্ৰজ্বলন কৰে প্ৰাক্তন মন্ত্ৰী তথা প্ৰাক্তন বিধায়ক শৰৎ বৰকটকীয়ে আৰু পুষ্পাঞ্জলি অৰ্পণ কৰে চৰাইদেউ জিলা আৰক্ষী অধীক্ষক সুধাকৰ সিঙে। তিনিও গৰাকী বিশিষ্ট অতিথিয়ে নেতাজীৰ সন্দৰ্ভত ভাষণ প্ৰদান কৰে ।
সন্ধিয়া প্ৰতিমূৰ্তিস্থলীত বন্তি প্ৰজ্বলন কৰা হ'ব। উল্লেখ্য যে এইবাৰ নেতাজীৰ জন্মদিন (Netaji Birthday)ৰে পৰা গণৰাজ্য দিৱসৰ কাৰ্যসূচীও পালন কৰা হৈছে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|