মুখ্যপৃষ্ঠা »খবৰ »অসম »Again Anti-CAA Protests : লতাশিলৰ শ্বহীদ ন্যাসত পুনৰ 'কা' বিৰোধী আন্দোলন নেছ'ৰ, বেৰিকেড সাজি বাধা আৰক্ষীৰ

Again Anti-CAA Protests : লতাশিলৰ শ্বহীদ ন্যাসত পুনৰ 'কা' বিৰোধী আন্দোলন নেছ'ৰ, বেৰিকেড সাজি বাধা আৰক্ষীৰ

শংকৰজ্যোতি বৰুৱাই কয়–  মুখ্যমন্ত্ৰীয়ে 'কা' আন্দোলনক ভয় কৰে।

শংকৰজ্যোতি বৰুৱাই কয়– মুখ্যমন্ত্ৰীয়ে 'কা' আন্দোলনক ভয় কৰে।

শংকৰজ্যোতি বৰুৱাই কয়– মুখ্যমন্ত্ৰীয়ে 'কা' আন্দোলনক ভয় কৰে।

  • Share this:
ৰাজ্যত পুনৰ 'কা' বিৰোধী আন্দোলন। উত্তৰ-পূব ছাত্ৰ সন্থা (NESO)ৰ আহ্বানত আছুৰ কাৰ্যালয় শ্বহীদ ন্যাসত 'কা' বিৰোধী শ্লোগানেৰে সন্ধিয়া আৰম্ভ কৰা আন্দোলনৰ দুঘণ্টীয়া কাৰ্যসূচীৰ সামৰণি পেলোৱা হয়।

২০১৯ চনৰ পিছত উত্তৰ-পূব ছাত্ৰ সন্থা তথা আছুৱে পুনৰ 'কা' বিৰোধী আন্দোলনৰ আহ্বান জনাইছিল। এই আন্দোলনত সমৱেত হয় বিভিন্ন সংগঠনৰ নেতা–সদস্যকে ধৰি জনতাক। আন্দোলনস্থলীত অসম আৰক্ষী সষ্টম হৈ থকা পৰিলক্ষিত হয়। শ্বহীদ ন্যাস ভৱনৰ গেটতে বাধা দিয়ে আৰক্ষীয়ে। আন্দোলনকাৰীসকলে হাতে হাতে প্লেকাৰ্ড লৈ বিভিন্ন শ্লোগানেৰে উত্তাল কৰি তোলে পৰিৱেশ।

NESOৰ নেতা তথা আছুৰ উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যই 'কা' আন্দোলনত অংশ লৈ কয়– ''ক'ভিডৰ বাবে 'কা' বিৰোধী আন্দোলন ( Anti-CAA Protests) স্তিমিত হৈ আছিল। 'কা' বাতিল নোহোৱা পৰ্যন্ত আন্দোলন চলি থাকিব। উত্তৰ–পূৰ্বাঞ্চলৰ খিলঞ্জীয়া মানুহৰ ভৱিষ্যত সুৰক্ষিত হ'বই লাগিব। চৰকাৰে গণতন্ত্ৰক হত্যা কৰিছে।''

তেওঁ লগতে ভাৰত–বাংলাদেশৰ সীমা ছীল কৰিবলৈ দাবী জনোৱাৰ লগতে মৌলবাদী শক্তিক উৎখাত হ'বই লাগিব বুলি প্ৰকাশ কৰে। ভট্টাচাৰ্যই উল্লেখ কৰে যে শিক্ষাগ্ৰহণ আৰু আন্দোলন সমান্তৰালভাৱে চলি যাব।

আছুৰ সভাপতি দীপাংক নাথে এই সন্দৰ্ভত কয়– অসম চৰকাৰৰ এনে কাৰ্যক গৰিহণা দিছোঁ। 'কা' বাতিল নোহোৱা পৰ্যন্ত আমি সকলোকে একত্ৰিত কৰি প্ৰতিবাদ কৰি যাম। নেছ'ৱে পুনৰবাৰ প্ৰতিপন্ন কৰিছোঁ উত্তৰ-পূবৰ পৰা 'কা' বাতিল কৰিব লাগিব। 'কা' আন্দোলনত শ্বহীদ হোৱাসকলে আমাক সাহস দি গৈছে। ক'ভিডৰ বাবে আন্দোলন স্থবিৰ হৈছিল। কিন্তু আমি বিৰোধিতা কৰি আছোঁ।''

আনহাতে আছুৰ সম্পাদক শংকৰজ্যোতি বৰুৱাই কয়– এই কাৰ্যসূচীত প্ৰমাণ হ'ল আন্দোলনৰ দিন ঘোষণা হোৱাৰ পিছতে শ্বহীদ ন্যাসৰ সন্মুখত মুখ্যমন্ত্ৰীৰ গৃহ বিভাগৰ হাজাৰ হাজাৰ লোক থিয় কৰোৱাই দিয়ে। ইয়াৰ পৰা প্ৰমাণ যে মুখ্যমন্ত্ৰীয়ে 'কা' আন্দোলনক ভয় কৰে। আমি কা মনা নাই। ক'ভিডৰ বাবে 'কা' আন্দোলন স্থবিৰ হৈছিল, কিন্তু আমাৰ এতিয়াৰ পৰা আন্দোলন অব্যাহত থাকিব।''

শেহতীয়া বাতৰি