• Home
  • »
  • News
  • »
  • assam
  • »
  • Citizenship Amendment Act : অসমৰ আকাশত পুনৰ 'কা' আন্দোলনৰ উকমুকনি! কাইলৈ নেছ'ৰ আন্দোলন, জি পি সিঙে ক'লে- আকৌ "কা" আন্দোলন হোৱাটো বিচৰা নাই

Citizenship Amendment Act : অসমৰ আকাশত পুনৰ 'কা' আন্দোলনৰ উকমুকনি! কাইলৈ নেছ'ৰ আন্দোলন, জি পি সিঙে ক'লে- আকৌ "কা" আন্দোলন হোৱাটো বিচৰা নাই

আজি প্ৰসিদ্ধ বুদ্ধিজীৱী ড০ হীৰেন গোহাঁয়ে এক সংবাদমেলত উল্লেখ কৰে যে ২০২০ৰ কা আন্দোলনত শ্বহীদ হোৱা ৫ শ্বহীদৰ প্ৰসংগত আজিও তদন্ত হোৱা নাই।

আজি প্ৰসিদ্ধ বুদ্ধিজীৱী ড০ হীৰেন গোহাঁয়ে এক সংবাদমেলত উল্লেখ কৰে যে ২০২০ৰ কা আন্দোলনত শ্বহীদ হোৱা ৫ শ্বহীদৰ প্ৰসংগত আজিও তদন্ত হোৱা নাই।

আজি প্ৰসিদ্ধ বুদ্ধিজীৱী ড০ হীৰেন গোহাঁয়ে এক সংবাদমেলত উল্লেখ কৰে যে ২০২০ৰ কা আন্দোলনত শ্বহীদ হোৱা ৫ শ্বহীদৰ প্ৰসংগত আজিও তদন্ত হোৱা নাই।

  • Share this:
কাইলৈ উত্তৰ–পূব ছাত্ৰ সন্থাকে ধৰি আছুৱে সমগ্ৰ উত্তৰ–পূৰ্বতে কা বাতিল কৰাৰ লগতে সীমা ছীল কৰাকে ধৰি বিভিন্ন দাবীত আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব।

ছাত্ৰ নেতা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই এই সন্দভৰ্ত কয় যে সম্পূৰ্ণ গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে এই আন্দোলন কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। তেওঁ অসমৰ ৰাইজে কা মনা নাই বুলি উল্লেখ কৰি অসম আৰু উত্তৰ–পূৰ্বাঞ্চলে অবৈধ বিদেশী বোজা নলয় বুলি প্ৰকাশ কৰে।

ইফালে, আজি বিটিআৰ চৰকাৰৰ এক অনুষ্ঠানত অংশ লোৱা বিশেষ আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙে কয় যে আকৌ "কা" আন্দোলন (anti-CAA protests) হোৱাটো বিচৰা নাই। এতিয়া উন্নয়নৰ সময়। সিঙে কয়– ''আলফাৰ ৪খন পতাকা চোৱাতকৈ ৫৫ লাখ জাতীয় পতাকা চোৱাটো দৰকাৰ। ইয়েই স্পষ্ট কৰে অসমৰ জনতাই কি বিচাৰে। এতিয়াৰ সময় হৈছে উন্নয়নৰ সময়। আমি ৰাজ্যখনক বহু আগুৱাই নিব লাগে। যোৱাবাৰৰ আন্দোলনৰ সময়ত অসমত যিটো ঘটি গ'ল, সেয়া আপোনালোক সকলোৱে দেখিছে। সেইটো আকৌ হোৱাটো বিচৰা নাই। আমি শান্তিপূৰ্ণভাৱে সকলোৱে মিলি ৰাজ্যৰ উন্নয়নৰ কাম কৰিব লাগে আৰু আমাৰ ৰাজৰ উন্নয়নৰ বাবে কাম কৰিব লাগে। আকৌ "কা" আন্দোলন হোৱাটো বিচৰা নাই।''

আনহাতে আজি প্ৰসিদ্ধ বুদ্ধিজীৱী ড০ হীৰেন গোহাঁয়ে এক সংবাদমেলত উল্লেখ কৰে যে ২০২০ৰ কা আন্দোলনত শ্বহীদ হোৱা ৫ শ্বহীদৰ প্ৰসংগত আজিও তদন্ত হোৱা নাই। ন্যায়ালয়ে তদন্ত সম্পূৰ্ণ নোহোৱালৈকে অন্তৱৰ্তীকালীন সাহায্য হিচাপে ১৮ বছৰ বয়সৰ ওপৰৰখিনিক ৩ লাখ টকা আৰু ১৮ বছৰ বয়সৰ তলৰখিনিক ২ লাখ টকাকৈ সাহায্য দিয়াৰ বাবে নিৰ্দেশ দিছিলে যদিও ক’ভিডৰ দোহাই দি চৰকাকে তিনি বছৰে তদন্তৰ প্ৰতিবেদন আয়োগক দাখিল কৰিব নোৱাৰাৰ লগতে অন্তৱৰ্তীকালীন সাহায্য প্ৰদান নকৰিলে।
Published by:Gautam Barman
First published: