অধিবক্তা এ আই কাথাৰ আৰু চাৰলং ইংতিৰ বিৰুদ্ধে ইতিমধ্যে ডকমকা থানাত গোচৰ তৰিছে নীল-অভিৰ পৰিয়ালে
অধিবক্তা এ আই কাথাৰ আৰু চাৰলং ইংতিৰ বিৰুদ্ধে ইতিমধ্যে ডকমকা থানাত গোচৰ তৰিছে নীল-অভিৰ পৰিয়ালে
নীলোৎপল বৰা: অধিবক্তা মানস শৰণীয়াৰ অধীনত কাম কৰা দুগৰাকী কনিষ্ঠ অধিবক্তাৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে নীল-অভিৰ পিতৃদ্বয়ে। সাক্ষীৰ ভাষ্য সলনি কৰাৰ বাবে অপচেষ্টা কৰাৰ অভিযোগ এই দুগৰাকী কনিষ্ঠ অভিযন্তাৰ বিৰুদ্ধে। অধিবক্তা এ আই কাথাৰ আৰু চাৰলং ইংতিৰ বিৰুদ্ধে ইতিমধ্যে ডকমকা থানাত গোচৰ তৰিছে নীল-অভিৰ পৰিয়ালে। বাবু সিং ইংতি আৰু বিষ্ণুৰাম খাকলাৰী নামৰ আন দুগৰাকীৰ বিৰুদ্ধেও গোচৰ তৰিছে নীল-অভিৰ পৰিয়ালে। চাৰিও গৰাকীয়ে গোচৰৰ সাক্ষী সকলক ভয়-ভাবুকিৰে সাক্ষ্য সলনি কৰাৰ বাবে হেঁচা প্ৰয়োগ কৰিছিল। অধিবক্তাৰ এনে কাৰ্য সমগ্ৰ অধিবক্তা সমাজৰ বাবে লজ্জাজনক বুলিও মন্তব্য কৰে অভিজিতৰ পিতৃয়ে। অহা ৯ছেপ্টেম্বৰত এই সম্পৰ্কত নগাঁও জিলা সত্ৰ ন্যায়াধীশৰ আদালতত হ'ব শুনানি।
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|