কোভিড প্ৰট'কল ভংগ কৰি ব্যাপক জনসমাগমেৰে নগাঁৱৰ নেহেৰুবালিত চলোৱা শাক-পাচলিৰ বজাৰ বন্ধ ঘোষণা কৰিছে নগাঁও জিলা প্ৰশাসনে। উল্লেখযোগ্য যে নগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয় আৰু নগাঁও জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সমীপতে চলি থকা নেহৰুবালিৰ এই বজাৰখনত হোৱা জনসমাগমৰ ওপৰত যোৱা ২০ জুনত নিউজ১৮ অসমৰ ডিজিটেল পেজত বাতৰি প্ৰকাশিত হৈছিল।
বজাৰখনত সামাজিক ব্যৱধানৰ দিশটোক মুঠেও গুৰুত্ব নিদিয়াৰ উপৰি বহু লোকে মাস্ক পৰিধান নকৰাও দেখিবলৈ পোৱা গৈছিল। তাৰ পিছতে আজি নগাঁও জিলা উপায়ুক্ত কবিথা পদ্মনাভনে এক নিৰ্দেশযোগে কাইলৈৰ পৰা এই বজাৰখন বন্ধ ঘোষণা কৰিছে। আনহাতে, এই বজাৰখনৰ বাবেই প্ৰতিদিনেই জিলা উপায়ুক্ত কাৰ্যালয়লৈ অহা বিভিন্ন লোক যান-জঁটৰ সমস্যাত ভুগিব লগা হৈছিল।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|